ভাৰত – বাংলাদেশৰ আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ পহৰা আৰু নিৰাপত্তাৰ দায়িত্বত থকা সীমান্ত নিৰাপত্তা বাহিনী চমুকৈ BSFৰ আজাৰা পাটগাঁওস্থিত গুৱাহাটী ফ্রণ্টিয়াৰৰ দল এটাই কালি সীমান্তত বাংলাদেশলৈ সৰবৰাহ কৰিবলৈ চেষ্টা চলোৱা অৱস্থাত দুটা পৃথক অভিযানত ২২ কুইণ্টল চেনী আৰু ৬ টা গৰু জব্দ কৰিবলৈ সক্ষম হয়। লগতে ভাৰতীয় সৰবৰাহকাৰী এজনক হাতে-লোটে আটক কৰিবলৈ সক্ষম হয় অভিযানকাৰী দল।
BSFৰ গুৱাহাটী ফ্ৰণ্টিয়াৰ মুখ্য কাৰ্যালয়ৰ জনসম্পৰ্কৰক্ষী বিষয়াই সদৰি কৰা অনুসৰি গোপন সূত্ৰৰ পম খেদি BSFৰ ৪৯ বেটেলিয়ানৰ জোৱানে দক্ষিণ শালমাৰা জিলাৰ মানকাচাৰ এলেকাত অভিযান চলাই সৰবৰাহকাৰী জনক আটক কৰাৰ লগতে তেওঁৰ পৰা প্ৰায় ৮১ হাজাৰ টকা মূল্যৰ ৬ কুইণ্টল চেনী জব্দ কৰা হয়। তেনেদৰে আন এটা বিশেষ অভিযানত ৰবিবাৰে সন্ধিয়াৰ ভাগত BSFৰ জোৱানে সীমান্তৰে বাংলাদেশলৈ সৰবৰাহ কৰিবলৈ চেষ্টা কৰা অৱস্থাত ১৬ কুইণ্টল চেনী জব্দ কৰে। ইফালে BSFৰ অভিযানৰ উমান পাই চোৰাং কাৰবাৰীৰ দলটো পলাই যাবলৈ সক্ষম হয়। আনহাতে গুৱাহাটী ফ্ৰন্টিয়াৰৰ অধীনৰ ১৪ আৰু ১৩৮ বেটেলিয়ানৰ দলে কোচবিহাৰ সীমান্তৰে বাংলাদেশলৈ সৰবৰাহ চেষ্টা চলোৱা অৱস্থাত ৫৭ টা গৰু জব্দ কৰিবলৈ সক্ষম হয়।