মধ্যপ্ৰদেশৰ ভয়ংকৰ সিধি পথ দুৰ্ঘটনাৰ কথা পাহৰিব বিচাৰিলেও পাহৰিব পৰা নায়।
বৰ্তমানলৈ ৫১জন লোকে প্ৰাণ হেৰুৱাইছে।
ইফালে এই দুৰ্ঘটনাটোত দম্পত্তীৰ মৃত্যু হোৱাৰ খবৰ পোহৰলৈ আহিছে।
এওলোক বিবাহপাশত আৱদ্ধ হৈছিল ২০২০ৰ ৮ জুনত আৰু দুয়ো একেলগে জীৱন-মৃত্যুৰ শপত খাইছিল।
অৱশেষত সকলোকে কন্দুৱাই দুয়ো একেলগে এই অজ্ঞাত দুৰ্ঘটনাটোত প্ৰাণ হেৰুৱালে।
সিধি জিলাৰ ছমী তহছীলৰ গেবটা পঞ্চায়তত দেৱৰী নিৱাসী ২৫ বছৰীয়া অজয় পনিকা, সিধিত ৰুম লৈ বাস কৰি আছিল আৰু ২৩ বছৰীয়া পত্নী তপস্যাই এএনএমৰ পৰীক্ষা দিবলৈ সিধিৰ পৰা চতনালৈ গৈ আছিল।
এই ভ্ৰমণৰ কালছোৱাতে এই দুৰ্ভগীয়া স্বামী-স্ত্ৰীয়ে চিৰকালৰ বাবে বিদায় মাগিলে।
ঘটনাটোৰ বিষয়ে জানিব পৰা মাত্ৰকে পৰিয়ালৰ লোক কান্দি-কান্দি ঘটনাস্থলীত উপস্থিত হয় আৰু মৃতদেহ দুটা সন্ধান কৰিবলৈ আৰম্ভ কৰে।
মঙলবাৰে ৩ বজাত তপস্যাৰ মৃতদেহ পোৱা যায় আৰু অজয়ৰ মৃতদেহ ৫ বজাত পায়।
মৰণোত্তৰ পৰীক্ষাৰ অন্তত দুয়োৰে মৃতদেহ এম্বুলেঞ্চেৰে নিশা ১০ বজাত দেৱৰীলৈ প্ৰেৰণ কৰা হয়।
সমগ্ৰ গাঁওখনতে শোকৰ ছা বিয়পি পৰিছিল।
সকলোৰে চকুত কেৱল পানী আছিল।
কিন্তু উপায়হীন অজয়ৰ পিতৃয়ে পুত্ৰ আৰু বোৱাৰীৰ অন্তিম সংস্কাৰত অংশগ্ৰহণ কৰিব নোৱাৰিলে।
যিটো সময়ত এই দুৰ্ঘটনাটো সংঘটিত হয় সেই সময়ত অজয়ৰ পিতৃ গুজৰাটত আছিল আৰু তেওঁ আহিবলৈ প্ৰায় ৩ দিন লাগিল হয়।
মৰণোত্তৰ পৰীক্ষা সম্পন্ন হোৱা মৃতদেহ ইমান দিনলৈ ৰখাই থব নোৱাৰি।
দুয়ো বিবাহপাশত আৱদ্ধ হৈছিল ৮ মাহ পূৰ্বে।
ইয়াৰ পিছত স্বামী-স্ত্ৰীৰ দুয়োৰে অন্তিম সংস্কাৰ একেলগে বুধবাৰে কৰা হ’ল আৰু নিয়ম নীতি অনুসৰি দুয়োৰে মুখাগ্নি কৰা হয়। দুয়ো একেখন চিতাতে জীৱন বিদায় দিলে।
Photo: AAJ TAK