ৰাজ্যত দিনক দিনে বৃদ্ধি হৈ গৈ আছে ক’ৰোনা আক্ৰান্ত লোকৰ সংখ্যা।
সেই অনুপাতে মৃত্যু হোৱা লোকৰ সংখ্যাও বৃদ্ধি হৈ গৈ আছে। এই পৰিপ্ৰেক্ষিততে ৰাজ্যত জাৰি কৰা হৈছে নতুন SOP।
নতুন ক’ভিড বিধিৰ সন্দৰ্ভত আজি মুখ্য সচিব জিষ্ণু বৰুৱা আৰু আৰক্ষী প্ৰধান ভাস্কৰ জ্যোতি মহন্তই এক সংবাদমেলৰ আয়োজন কৰে।
সংবাদমেলত ক’ভিডৰ নতুন নীতি-নিয়মক লৈ কঠোৰ SOP জাৰি কৰে।
নিৰ্দেশনা অনুসৰি দিনৰ ১ বজাতে বন্ধ কৰিব লাগিব দোকান-পোহাৰ ব্যৱসায়িক প্ৰতিষ্ঠান। এই নিৰ্দেশনা জাৰি কৰা হ’ব বৃহস্পতিবাৰৰ পৰা।
কেৱল এয়াই নহয় SOPত উল্লেখ থকা অনুসৰি, যদি কোনোবাই SOP ভংগ কৰি ফাঁকি দি কোনোধৰণৰ অনুষ্ঠান অনুষ্ঠিত কৰে তেনেহ’লে বিশ্বাসঘাতকতা আৰু হত্যাৰ চেষ্টাৰ গোচৰ ৰুজু কৰা হ’ব।
লগতে কণ্টেইনমেণ্ট জ’নত এনে অনাই বনাই ঘূৰি ফুৰা লোকসকলৰ বিৰুদ্ধেও ৰুজু হ’ব হত্যাৰ গোচৰ। সংবাদমেলযোগে এই কথা জনাই মুখ্য সচিব জিষ্ণু বৰুৱা আৰু আৰক্ষী প্ৰধান ভাস্কৰ জ্যোতি মহন্তই।
Photo: Google