আই আই টি গুৱাহাটীৰ অধ্যাপক মিহিৰ কুমাৰ পুৰকাইতক নিযুক্তি দিয়া হৈছে ‘জল জীৱন মিছন’ আঁচনিৰ জল পৰিশোধন প্ৰযুক্তিৰ অধ্যক্ষ হিচাপে ।
জল শক্তি মন্ত্ৰালয়ৰ দ্বাৰা ‘জল জীৱন মিছন’ আঁচনিৰ জল পৰিশোধন প্ৰযুক্তিৰ অধ্যক্ষ হিচাপে নিযুক্তি পোৱা মিহিৰ কুমাৰ পুৰকাইত এজন আই আই টি গুৱাহাটীৰ কেমিকেল ইঞ্জিনিয়াৰিং বিভাগৰ অধ্যাপক ৷
তেওঁ গ্ৰাম্য খোৱা পানী আৰু অনাময় খণ্ডত উচ্চ মানদণ্ডৰ অভিজ্ঞতামূলক আৰু প্ৰয়োগযোগ্য গৱেষণা কৰাৰ লগতে নীতি-নিৰ্দেশনা প্ৰদান কৰিব আৰু ৰাজ্য চৰকাৰৰ সৈতে অংশীদাৰিত্ব গঢ়ি তুলিব ।