গুৱাহাটী মহানগৰীৰ পৰা কিছু নিলগৰ আৰু বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ চৌহদৰ গাতে লগা বঙৰাসহ দক্ষিণ কামৰূপৰ বিভিন্ন অঞ্চলত সমাজৰ বৰবিহ স্বৰূপ দেশী – বিদেশী অবৈধ সুৰাৰ অবাধ প্ৰচলনে ভয়াবহ সামাজিক অবক্ষয়ৰ সৃষ্টি কৰিছে। আনকি একাংশ সুৰাপায়ীৰ বাবে বহু পৰিয়ালত পাৰিবাৰিক অশান্তিৰ সৃষ্টি হোৱা ঘটনাই সামাজিক পৰিবেশটোকে কলুষিত কৰি তোলাত সচেতন লোক সকলে গভীৰ উদ্বেগ প্ৰকাশ কৰিছে। এই সন্দৰ্ভত একাংশ সচেতন লোকে সংবাদ মাধ্যমৰ আগত সদৰি কৰা অনুসৰি বৰঝাৰ বিমানবন্দৰৰ পৰা কিছু নিলগৰ মিৰ্জাত এটা আবকাৰী বিভাগৰ পৰিদৰ্শকৰ কাৰ্যালয় আছে। কিন্তু কাৰ্যালয়ৰ মূৰব্বী তথা পৰিদৰ্শককে ধৰি একাংশ কৰ্মচাৰীৰ নিষ্ক্ৰিয়তা আৰু ৰহস্যজনক ভূমিকাৰ বাবে বৰঝাৰ বিমানবন্দৰৰ সমীপৰ পৰা দক্ষিণ কামৰূপৰ বিভিন্ন অঞ্চলত অবৈধ সুৰাই ভয়াবহ সামাজিক অবক্ষয়ৰ সুচনা কৰিছে। সন্ধিয়া বা নিশাৰ আন্ধাৰটো বাদেই দিনৰ পোহৰতে বহু সুৰাপায়ীয়ে মদ খাই মাতলামি কৰা, অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি কৰা কাজিয়াত লিপ্ত হোৱা আদি সাধাৰণ ঘটনাত পৰিণত হৈছে।
সচেতন লোকসকলে সদৰি কৰা অনুসৰি মিৰ্জাৰ নিজেশ্বৰী মন্দিৰৰ ওচৰত এটা ভাৰাঘৰত মিৰ্জা আবকাৰী পৰিদৰ্শকৰ কাৰ্যালয়টো আছে। কিন্তু দাস উপাধিৰ আবকাৰী পৰিদৰ্শকজনৰ ৰহস্যজনক ভূমিকাৰ বাবেই বৰঝাৰ বিমানবন্দৰৰ গাতে লগা বঙৰাৰ পৰা কুকুৰমাৰালৈ বৃহত্তৰ অঞ্চলটো অবৈধ সুৰাৰ কবলত পৰিছে। কিছুদিন পূৰ্বে একাংশ সচেতন লোকে নহিৰা সংযোগী পথত ৰাজাপুখুৰী নামৰ অঞ্চলটোত এজন লোকে তেওঁৰ গেলামালৰ দোকানৰ পাছফালে অবৈধ সুৰাৰ বেহা চলাই থকা বুলি অভিযোগ দিছিল। কিন্তু আবকাৰী পৰিদৰ্শক গৰাকীযে তেওঁক হাতে – লোটে ধৰাৰ সলনি গোপন বুজাবুজি কৰি ওলোটাই মৌখিকভাৱে অবৈধ সুৰাৰ বেহা চলাই যাবলৈ অনুমতিহে প্ৰদান কৰে। তেনেকৈ অঞ্চলটোৰ ৰাষ্ট্ৰীয় ঘাইপথ আৰু ৰাজ্যিক পথৰ দাঁতিত থকা একাংশ ধাবাত অবৈধভাবে চলি থকা অবৈধ সুৰাৰ বেহা বন্ধ কৰি সামাজিক পৰিৱেশ অক্ষুণ্ণ ৰাখিবলৈ লিখিতভাবেও অনুৰোধ জনাইছিল। কিন্তু অভিযোগৰ ভিত্তিত আইনগত ব্যৱস্থা গ্ৰহণ কৰাৰ সলনি পৰৱৰ্তী সময়ত তেনে ধাবাৰ গৰাকীৰ সৈতেও গোপন বুজাবুজিৰে তেওঁলোককোঁ অবৈধ সুৰাৰ বেহা চলাই যাবলৈহে অনুপ্ৰেৰণা যোগায় আহিছে। আবকাৰী বিভাগৰ পৰিদৰ্শকৰ এনে ধৰণৰ মনোবৃত্তিৰ বাবে বহু সুখৰ সংসাৰ ধ্বংস হোৱাৰ লগতে পাৰিবাৰিক অশান্তিৰ বাবে বহু গৃহিণী মাকৰ ঘৰলৈ যাবলগীয়া হোৱাৰ দৰে পৰিস্থতিৰ সৃষ্টি হৈছে। এই অবৈধ সুৰাৰ কু – প্ৰভাৱ বৰঝাৰ বিমানবন্দৰৰ সমীপলৈ বিয়পি পৰাত আজাৰা অঞ্চলৰ ৰাইজৰ মাজতো প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।