গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ আজাৰা আৰক্ষী থানাৰ অন্তৰ্গত মাজিৰগাঁওত ব্ৰহ্মপুত্ৰৰ ঘাটত বিগত কিছুদিন ধৰি এটা চক্ৰই নিশাৰ ভাগত অবৈধ ভাৱে পলসুৱা মাটি খনন কৰি অহা আৰু সেই মাটি বিভিন্ন প্ৰান্তলৈশতাধিক ডাম্পাৰৰে সৰবৰাহ কৰি অঞ্চলটোৰ সাধাৰণ জনজীৱন ব্যাহত কৰা ঘটনাই বাসিন্দা সকলক ক্ষোভিত কৰি তুলিছে। আনহাতে অঞ্চলটোৰ সচেতন ৰাইজে অভিযোগ কৰা অনুসৰি, এই সন্দৰ্ভত স্থানীয় আৰক্ষী আৰু বন বিভাগৰ কাৰ্যালয়ক অৱগত কৰা স্বত্তেও ইটো বিভাগে সিটো বিভাগৰ বিষয় বুলি ৰহস্যজনক ভাবে গা এৰা দিয়া মনোভাৱহে পোষণ কৰিছে।
মাজিৰগাঁও অঞ্চলৰ সচেতন লোক সকলে জানিবলৈ দিয়া মতে মাজিৰগাঁওৰ ঠাকুৰীয়াপাৰাত প্ৰায় দুসপ্তাহ ধৰি নিশা প্ৰায় ৮ মান বজাৰ পৰা পুৱা প্ৰায় ৬ মান বজালৈ ব্ৰহ্মপুত্ৰত পলসুৱা মাটি খনন কৰি আহিছে। সেই মাটি শতাধিক ডাম্পাৰৰে মাজিৰগাঁওৰ পৰা ব্ৰহ্মপুত্ৰৰ দাঁতিয়েদি থকা সদিলাপুৰ-মাজিৰগাঁও-ধাৰাপুৰ সংযোগী আসাম ট্ৰাংক ৰোডৰে বিভিন্ন প্ৰান্তলৈ সৰবৰাহ কৰি আহিছে। কিন্ত অভিযোগ মতে বেছিভাগ ডাম্পাৰে বিধি উলংঘা কৰি বন বিভাগৰ যাবতীয় চালান সংগ্ৰহ কৰাটো দুৰৰে কথা, অধিক মুনাফাৰ আশাত অত্যধিক বোজাই কৰি ওপৰত কোনো ধৰণৰ প্লাষ্টিক বা ত্ৰিপালৰ ঢাকনীৰে আবৃত নকৰি খোলা ভাবে চলাচল কৰি আহিছে। ফলত পথছোৱাৰ লগতে সমগ্ৰ অঞ্চলটো ডাম্পাৰ চলাচল কৰি থকাৰ সময়ত ধূলিময় হৈ পৰে।
লক্ষ্যনীয় ভাবে, মাজিৰগাঁও অঞ্চলটো বন বিভাগৰ পূৱ কামৰূপ বন সংমণ্ডলৰ অধীনৰ ৰাণী বনাঞ্চলিক বিষয়াৰ কাৰ্যালয় আৰু পলাশবাৰী বনাঞ্চলিক বিষয়াৰ কাৰ্যালয় অৰ্থাৎ দুয়োটা কাৰ্যালয়ৰ অধীনস্থ। কিন্তু অঞ্চলটো তেওঁলোকৰ নহয় বুলি ইটো কাৰ্যালয়ে সিটো কাৰ্যালয়লৈ বিষয়টো ঠেলি দি মূৰপোলকা মৰা বুলি অভিযোগ উত্থাপিত হৈছে। ইফালে নিশা ৮ বজাৰ পাছতে ৰাজপথত বাধাহীনভাবে পাছদিনা পুৱালৈ ডাম্পাৰসমূহ চলাচল কৰাত আন সাধাৰণ যান-বাহনৰ চালক, যাত্ৰী, আৰোহী আদি ভীষণ অসুবিধাৰ সন্মুখীন হবলগীয়া হৈছে। বিশেষকৈ আগে আগে গৈ থকা ডাম্পাৰৰ পৰা উফৰি অহা ধূলিয়ে পাছে পাছে গৈ থকা দুচকীয়া বাহনৰ চালক – আৰোহীক যি ভয়ংকৰ অসুবিধাত পেলাইছে তাক নিজ চকুৰে নেদেখিলে বিশ্বাস কৰিব নোৱাৰি। আনকি অনাগত দিনত ডাম্পাৰ কেন্দ্ৰীক ভয়ানক দুৰ্ঘটনা সংঘটিত হোৱাৰো আকাংক্ষা কৰিছে ৰাইজে।
উল্লেখযোগ্য যে, মাজিৰগাঁওত যি স্থানত সম্প্ৰতি পলসুৱা মাটিৰ অবৈধ খনন চলি আছে তাৰ পৰা পশ্চিম দিশত কিছু নিলগত ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মাণ হব পলাশবাৰী – শুৱালকুচি সংযোগী দলং। সমান্তৰালভাৱে খননস্থলীৰ সমীপৰ পৰা আগছিয়া, গোদেবৰী, গুমেবৰী, বৰঝাৰ, বঙৰাহৈ মিৰ্জাৰ সমীপৰ বৰকুছিত থকা বাবা ৰামদেৱৰ পতঞ্জলী হস্পিতাললৈ এটা চাৰিলেনযুক্ত নতুন পথ নিৰ্মাণৰ জৰীপ চূড়ান্ত কৰা হৈছে। আনকি স্থানীয় বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতায়ো ব্ৰহ্মপুত্ৰৰ গৰা খহনীয়াৰ পৰা অঞ্চলটোক ৰক্ষা কৰাৰ বাবে ব্ৰহ্মপুত্ৰৰ পাৰত কোনো ধৰণৰ মাটি খননৰ অনুমতি প্ৰদান নকৰিবলৈ বন বিভাগৰ পূৱ কামৰূপ বন সংমণ্ডল বিষয়াক কিছুদিন পূৰ্বতে নিৰ্দেশ দিছিল যদিও নিশা মাজিৰগাঁওত অবৈধ ভাৱে মাটি খনন কার্য চলি থকা কাৰ্যক লৈ ৰহস্যৰ সৃষ্টি হৈছে।