গুৱাহাটী মহানগৰীৰ বিভিন্ন মটৰ পৰিবহণ সন্থা আৰু অটোমোবাইল ডিলাৰৰ মাজত বৃহস্পতিবাৰে কামৰূপ মহানগৰ জিলা পৰিবহণ বিষয়াৰ কাৰ্যালয়ত এখন গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হয়। ৰাজ্যৰ সহকাৰী পৰিবহণ আয়ুক্ত তথা অতিৰিক্ত দায়িত্ববাহী কামৰূপ মহানগৰ জিলা পৰিবহণ বিষয়া গৌতম দাসৰ উদ্যোগত অনুষ্ঠিত সভাখনত মহানগৰীৰ বিভিন্ন বাহনৰ ডিলাৰৰ কতৃত্বশীল বিষয়া-কৰ্মীৰ লগতে চিটিবাছ সন্থা, অটোৰিক্সা সন্থা, কেব চালক সন্থা, মেজিক সন্থাকে ধৰি বিভিন্ন পৰিবহণ সন্থাৰ সভাপতি-সম্পাদক সকল উপস্থিত থাকে৷
সভাত বিভিন্ন ডিলাৰৰ লগত কেন্দ্ৰীয় চৰকাৰ আৰু অসম চৰকাৰে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ ব্যক্তিগত যানবাহন পঞ্জীয়নৰ বাবে বিশেষভাৱে প্ৰযোজ্য কৰা বি এইচ (ভাৰত চিৰিজ)ৰ যাতে সঠিক প্ৰয়োগ হয় সেই সন্দৰ্ভত বিশদ আলোচনা কৰি ইয়াৰ কৰ্যকৰীকৰণৰ বাবে আহ্বান জনায়। ইফালে অসম চৰকাৰৰ পৰিবহণ বিভাগে যান-বাহনৰ ফিটনেছ প্ৰমানপত্ৰৰ বিলম্ব মাচুল হ্ৰাস কৰি মালিক সকলৰ বাবে বিশেষভাৱে আগবঢ়োৱা এককালীন সাহাৰ্য সন্দৰ্ভত সভাত পৰিবহণ সন্থাসমূহৰ লগত আলোচনা কৰা হয়।
আলোচনা কালত সহকাৰী পৰিবহণ আয়ুক্ত গৌতম দাসে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনে ক’ভিডকালীন সময়ত আৰ্থিক সংকটত জুৰুলা হোৱা পৰিবহণ খণ্ডৰ শ্ৰমিকসকলক ১০ হাজাৰ টকাকৈ আৰ্থিক সাহাৰ্য আগবঢ়াই বৃহৎ সকাহ দিয়াৰ পিছত শেহতীয়াকৈ চৰকাৰখনে কেবিনেট সিদ্ধান্তৰ জড়িয়তে বাণিজ্যিক যানবাহনৰ ফিটনেছ প্ৰমানপত্ৰৰ সময়মতে নৱীকৰণ কৰিব নোৱাৰা মালিক সকলৰ বাবে ব্যাপক হাৰত বিলম্ব মাচুল হ্ৰাস কৰা আচনিখন এক যুগান্তকাৰী পদক্ষেপ বুলি মন্তব্য কৰে ৷ এই আচনিৰ সুবিধা লাভ কৰি বাহনৰ মালিকসকলে যাতে সময়মতে ফিটনেছ প্ৰমানপত্ৰ লাভ কৰাৰ লগতে অনান্য সকলো যাৱতীয় নথিপত্ৰ উন্নিতকৰণ কৰিব পাৰে সেইক্ষেত্ৰত যানবাহনৰ মালিক সকলক আগবাঢ়ি অহাত অগ্ৰাধিকাৰ ল’বলৈ তেওঁ মটৰ পৰিবহণ সন্থাসমূহৰ প্ৰতি আহ্বান জনায় ।
উল্লেখ্য যে, অসম চৰকাৰে আগবঢ়োৱা এই এককালীন সুবিধাৰ জড়িয়তে যোৱা দিনবোৰত প্ৰযোজ্য হৈ থকা দৈনিক ৫০টকা বিলম্ব মাচুলৰ পৰিবৰ্তে তিনিচকীয়া বাহনৰ বাবে ১০ টকা, বাণিজ্যিক টেক্টৰৰ বাবে ১৫ টকা, চাৰিচকীয়া বাহনৰ বাবে ২০ টকা, গধুৰ তথা পৰিবহণৰ নিমিত্তে ব্যৱহাৰ কৰা যান-বাহনৰ বাবে ২৫ টকা ধাৰ্য কৰা হৈছে। ফিটনেছ প্ৰমাণ পত্ৰৰ নৱীকৰণৰ ক্ষেত্ৰত অসম চৰকাৰৰ পৰিবহণ বিভাগে বিলম্ব মাচুল ব্যাপক হাৰত হ্ৰাস কৰা কাৰ্যত পৰিবহণ সন্থাসমূহে গভীৰ সন্তুষ্টি প্ৰকাশ কৰে।