শেহতীয়া নতুন দিল্লী ভ্ৰমণকালত মুখ্যমন্ত্ৰী হিমন্তবিশ্ব শৰ্মাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ পৰা লৈছিল চৰকাৰ পৰিচালনাৰ কেতবোৰ বিশেষ টিপছ।এতিয়া সেই টিপছৰ প্ৰথমটো কামত খটুওৱাৰ দিশত আগবাঢ়িছে মুখ্যমন্ত্ৰী।
মোডীৰ পৰামৰ্শ অনুসৰি চৰকাৰৰ প্ৰতিগৰাকী মন্ত্ৰীয়ে এতিয়া হ’ব বিজেপি- অগপ- ইউ পি পি এল মিত্ৰজোঁটৰ চাৰিজনকৈ বিধায়কৰ হিতাকাংক্ষী তথা মিত্ৰ। সেই অনুসৰি কোন মন্ত্ৰী কোন কোন বিধায়কৰ মিত্ৰ মন্ত্ৰী তথা হিতাকাংক্ষী মন্ত্ৰী হ’ব তাৰ এখন তালিকাও প্ৰকাশ কৰা হৈছে।
উল্লেখ্য যে নৰেন্দ্ৰ মোডীয়ে গুজৰাটৰ মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰাৰ সময়ত এনে কেতবোৰ বিশেষ পদ্ধতিৰে চৰকাৰৰ সন্তুলন তথা কাৰ্যদক্ষতা সুনিশ্চিত কৰিছিল।অসমৰ ক্ষেত্ৰত সেয়া কিমানদূৰ সফল হ’ব সেয়া সময়েহে ক’ব। উল্লেখ্য যে এই প্ৰক্ৰিয়াত পৰৱৰ্তী সময়ত বিৰোধী দলৰ বিধায়কসকলকো সংলগ্ন কৰা হ’ব।