অসম শিক্ষা ব’ৰ্ডে ঘোষণা কৰিলে ২০২০ বৰ্ষৰ মেট্ৰিক আৰু হাই মাদ্ৰাছা পৰীক্ষাৰ ফলাফল৷ শনিবাৰ ০৬.০৬.২০২০ তাৰিখে চৰকাৰী ৱেবছাইটত results.sebaonline.org ত পৰীক্ষাৰ ফলাফল প্ৰকাশ কৰা হ’ল৷
যিসকল পৰীক্ষাৰ্থীয়ে পৰীক্ষাত অৱতীৰ্ণ হৈছে তেওঁলোকে এই চৰকাৰী ৱেবছাইটটোত নিম্নোক্ত পৰ্যায়সমূহৰ দ্বাৰা ফলাফল পৰীক্ষা কৰিব পাৰে৷
পৰ্যায় ১- results.sebaonline.org ৱেৱছাইট পৰিদৰ্শন কৰক৷
পৰ্যায় ২- অসমৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা অথবা অসম হাই মাদ্ৰাছাৰ লিংকত ক্লিক কৰক৷
পৰ্যায় ৩- আপোনাৰ ৰোল নম্বৰ আৰু অন্যান্য বিৱৰণৰ ব্যৱহাৰ কৰি লগ ইন কৰক৷
পৰ্যায় ৪- মাৰ্কশ্বীট ডাউনলোড কৰক৷
যদি ৱেৱছাইটটোৱে কোনো প্ৰতিক্ৰিয়া প্ৰদৰ্শিত কৰা নাই, তেনেহ’লে এই ফলাফল এছএমএছ অথবা ছেবা ৰিজাল্ট ২০২০ এপৰ জৰিয়তেও লাভ কৰিব পাৰিব৷
উল্লেখ্য, চলিত বৰ্ষত ৩.৫৮ লাখ শিক্ষাৰ্থীয়ে পৰীক্ষাত অৱতীৰ্ণ হৈছে৷ বিগত বৰ্ষত এই পৰীক্ষাৰ ফলাফল মে’ মাহত প্ৰকাশিত হৈছিল যদিও এইবাৰ ক’ৰোনা ভাইৰাছৰ বাবে বলৱৎ হোৱা লকডাউনৰ ফলত ফলাফল জুন মাহত প্ৰকাশ কৰিবলগীয়া হ’ল৷