প্ৰেছ ইনফৰ্মেচন ব্যুৰ’ (PIB)-গুৱাহাটীৰ উদ্যোগত আৰু এইমছ-গুৱাহাটীৰ সহযোগত সংবাদ মাধ্যমৰ লোকসকলৰ বাবে সোমবাৰে এক বিনামূলীয়া স্বাস্থ্য শিবিৰৰ আয়োজন কৰা হয়। সাংবাদিকসকলক অত্যাৱশ্যকীয় স্বাস্থ্য পৰীক্ষা সেৱা আগবঢ়োৱাৰ উদ্দেশ্যেৰে গুৱাহাটী প্ৰেছ ক্লাবত এই শিবিৰ অনুষ্ঠিত কৰা হয়। ৯০ জনৰো অধিক সাংবাদিকে এই শিবিৰৰ জৰিয়তে বিনামূলীয়া চিকিৎসা পৰামৰ্শ আৰু ঔষধৰ সুবিধা গ্ৰহণ কৰে। এই কাৰ্য্যসূচীত আদৰণি ভাষণ প্ৰদানেৰে তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ উত্তৰ-পূব মণ্ডলৰ সঞ্চালক প্ৰধান কে. সতীশ নম্বুদিৰিপাদে কয়, “চৰকাৰৰ ভিন্ন উন্নয়নমূলক আঁচনি তথা অন্যান্য তথ্য ৰাইজৰ ওচৰলৈ লৈ যোৱাৰ ক্ষেত্ৰত পিআইবি, গুৱাহাটীলৈ আগবঢ়োৱা সহযোগিতাৰ বাবে সংবাদ মাধ্যমক ধন্যবাদ জনোৱাৰ এটি ক্ষুদ্ৰ প্ৰয়াস হিচাপে এই চিকিৎসা শিবিৰৰ আয়োজন কৰা হৈছে।”
ইয়াত উদ্বোধনী ভাষণ প্ৰদানেৰে এইমছ-গুৱাহাটীৰ কাৰ্য্যবাহী সঞ্চালক ডাঃ অশোক পুৰানিকে সংবাদ মাধ্যমৰ লোকসকলক সুস্বাস্থ্য সম্পৰ্কীয় ভিন্ন দিশত পৰামৰ্শ আগবঢ়ায়। তেওঁ সঠিক হাইড্ৰেচন, পৰ্য্যাপ্ত টোপনি আৰু দৈনিক কমেও ২০-মিনিট ব্যায়ামেৰে এটি সুস্থ জীৱনশৈলীৰ গুৰুত্ব সম্পৰ্কে অৱগত কৰে। তেওঁ লগতে নতুনকৈ উদ্বোধন হোৱা এইমছ-গুৱাহাটীত শেহতীয়াকৈ গ্ৰহণ কৰা পদক্ষেপসমূহৰ বিষয়ে অৱগত কৰে আৰু ইয়াত অতি সোনকালেই ৰেডিঅ’থেৰাপি, চিটি স্কেন আৰু ৪/৫ অতিৰিক্ত অপাৰেচন থিয়েটাৰ উপলব্ধ হ’ব বুলি উল্লেখ কৰে। ব্ৰহ্মপুত্ৰৰ ওপৰত নতুন গুৱাহাটী-উত্তৰ গুৱাহাটী দলং নিৰ্মাণৰ লগে-লগে মহানগৰীৰপৰা এইমছ-গুৱাহাটীলৈ যাতায়াতৰ সময় যথেষ্ট হ্ৰাস পাব আৰু ইয়াৰ ফলশ্ৰুতিত চিকিৎসা সেৱা অধিক সুগম হৈ পৰিব বুলিও তেওঁ মন্তব্য প্ৰদান কৰে।
উক্ত শিবিৰত এইমছৰ চিকিৎসকসকলে সাধাৰণ চিকিৎসা পৰীক্ষা, চকু আৰু দাঁতৰ পৰীক্ষা আৰু খাদ্যাভাসৰ পৰামৰ্শকে প্ৰমুখ্য কৰি ভিন্ন ধৰণৰ চিকিৎসা সেৱা আগবঢ়ায়। ইয়াত উপস্থিতসকলক তেওঁলোকৰ তাৎক্ষণিক স্বাস্থ্যজনিত প্ৰয়োজনীয়তা পূৰণৰ বাবে বিনামূীয়া প্ৰাথমিক ঔষধো আগবঢ়োৱা হয় ।