আজি ২৭ জুলাই ২০২৪ তাৰিখ শনিবাৰে শ্ৰোতশ্বিনী মহিলা সংঘৰ দ্বাদশ বাৰ্ষিক প্ৰতিষ্ঠা দিৱস গুৱাহাটী বেলতলা চাৰ্ভে অজন্তা পথত থকা পি.তি. ওল্ড. এজ হোম (বৃদ্ধাশ্ৰম) ত উদযাপন কৰা হয়। সম্পাদিকা অৰুন্ধতী দাসৰ পৰিচালনাত ৰাতিপুৱা ৯ বজাত পতাকা উত্তোলন কৰা হয়। পতাকা উত্তোলন কৰে সংঘৰ সভানেত্ৰী ৰোজী দাসে। বন্তি প্ৰজ্বলন কৰে বৃদ্ধাশ্ৰমৰ বয়োবৃদ্ধা ডালিমি আইতাই। ইয়াৰ পিছতে শ্ৰোতশ্বিনী মহিলা সংঘৰ সদস্যা সকলৰ দ্বাৰা ৰানু কলিতাৰ পৰিচালনাত দিহা নাম পৰিচালনা কৰা হয়।
প্ৰতিষ্ঠা দিৱসৰ মুখ্য আকৰ্ষণ বৃদ্ধাশ্ৰমৰ আইতা সকলৰ মাজত বিয়া নাম প্ৰতিযোগিতা। সংঘৰ উপদেষ্টা, নাট পৰিচালক, অভিনেতা ৰবীন কুমাৰৰ সোঁৱৰণত বিয়া নাম প্ৰতিযোগিতা ৰ প্ৰথম, দ্বিতীয়, তৃতীয় পুৰস্কাৰ আগবঢ়োৱা হৈছে। প্ৰথম পুৰস্কাৰ আগবঢ়াইছে সংঘৰ প্ৰাক্তন সম্পাদিকা কল্পনা হালৈ। দ্বিতীয় আৰু তৃতীয় পুৰস্কাৰ সংঘৰ ফালৰ পৰা আগবঢ়োৱা হৈছে। প্ৰথম পুৰস্কাৰ পাইছে জয়া প্ৰভা বড়ো আইতাই। দ্বিতীয় মনালিছা তৃতীয় পুতলি বড়ো আইতাই। প্ৰতিযোগিতা খনৰ বিচাৰক সংঘৰ উপ সভানেত্ৰী নলিনী কলিতা। ঁ ৰবীন কুমাৰৰ বিষয়ে স্মৃতিচাৰণ কৰাৰ পিছত সম্পাদিকা অৰুন্ধতী দাসে ‘ পিঠা’ নামৰ কবিতা এটি পাঠ কৰে। ইয়াৰ পিছত তুলসী দাসে লোকগীত, জয়ন্তী দাসে, অৰ্চনা শৰ্মাই বিয়াগীত, ৰুবী মেধি কবিতা, মিনু কলিতাই ৰাভা সংগীত, নীলিমা দাসে কবিতা, ৰুবী ভূঞাই আধুনিক গীত পৰিৱেশন কৰে। সদৌ শেষত সভানেত্ৰীৰ ভাষণৰ পিছতে সম্পাদিকা অৰুন্ধতী দাসে শলাগৰ শৰাই আগবঢ়াই।