কাজিৰঙাৰ ৰাষ্ট্ৰীয় উদ্যানত গঁড় হত্যা ৰোধ কৰিবলৈ সমস্ত শক্তি প্ৰয়োগ কৰিবলগীয়া চৰকাৰে ৰাজ্যৰ অভয়াৰণ্যসমূহৰ ক্ষেত্ৰত বৰ্তমানেও চকু দিবলৈ আহৰি পোৱা নাই।
১১ জানুৱাৰীত কেন্দ্ৰীয় মন্ত্ৰী প্ৰকাশ জাৱৰেকাৰে মুকলি কৰা ভাৰতৰ ১৪৬খন ৰাষ্ট্ৰীয় উদ্যান আৰু অভয়াৰণ্যৰ ক্ষেত্ৰত গ্ৰহণ কৰা ব্যৱস্থাত অন্তৰ্ভুক্ত হোৱা অসমৰ ৫খন অভয়াৰণ্যৰ ছবিয়ে চৰকাৰৰ ফোপোলা স্বৰূপ উদঙাইছে।
অভয়াৰণ্য কেইখনক লৈ গ্ৰহণ কৰা ব্যৱস্থাৱলীৰ মূল্যায়নত অন্তৰ্ভুক্ত হোৱা অসমৰ এই ৫খন অভয়াৰণ্য হৈছে মাৰাৎ লংৰি, নামবৰ, নামবৰ দৈগ্ৰোং, পানীদিহিং আৰু পৱিতৰা অভয়াৰণ্য।
ৰাজ্যৰ এই ৫খন অভয়াৰণ্যত আন্তঃগাঁঠনি খুবেই দুখলগা।
ইফালে পৱিতৰা অভয়াৰণ্যৰ বাহিৰে আন ৪খনত ফ্ৰণ্টলাইন ষ্টাফ বা বন সুৰক্ষা কৰ্মীৰ সংখ্যা যথেষ্ট কম।
এই সংখ্যা যথেষ্ট কম অভয়াৰণ্য়ৰ নিৰীক্ষণ আৰু চোৰাংচিকাৰীক ৰোধ কৰাৰ ক্ষেত্ৰত।
লগতে এই অভয়াৰণ্য কেইখনত পুঁজিৰ ব্যাপক নাটনিৰ বাবে পৰিচালনাৰ দিশটো যথেষ্ট প্ৰভাৱ পৰা পৰিলক্ষিত হৈছে।
এই অভয়াৰণ্যৰ ওপৰত নিৰ্ভৰশীল চাৰিওফালে বাস কৰা স্থানীয় লোকে মাছ ধৰা বা পোহনীয়া জন্তু চৰাবলৈ।
অভয়াৰণ্যকেইখন পৰিচালনা কৰিবলৈ যিসমূহ কাৰ্য আঁচনি গ্ৰহণ কৰা হৈছিল সেইসমূহৰো ম্যাদ ইতিমধ্যে উকলি গৈছে।
লগতে অভয়াৰণ্যকেইখনত হৈ থকা বেদখল, অবৈধভাৱে গছ কটা, হাতী আৰু মানুহৰ সংঘাতে আন এক প্ৰত্যাহ্বান।
অভয়াৰণ্যকেইখনৰ পৰিচালনা দিশটোতো উপযুক্ত প্ৰশিক্ষণপ্ৰাপ্ত লোকৰ সংখ্যা যথেষ্ট কম।
Photo: Headline8