নিউজ ডেস্কঃ বন্দনা ওৰাঙে আজি চলাব মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ টুইটাৰ একাউণ্ট ৷
পোনপ্ৰথম বাৰৰ বাবে অসমৰ মুখ্যমন্ত্ৰীৰ টুইটাৰ একাউণ্ট এগৰাকী ১৮ বছৰীয়া কিশোৰীৰ হাতত অৰ্পণ কৰা হ’ব।
ডিব্ৰুগড. জিলাৰ নামৰূপ চাহ বাগিচাৰ বন্দনা ওৰাং নামৰ যুৱতী গৰাকীক শুকুৰবাৰে ৰাতিপুৱা ৯ বজাৰ পৰা ১১ বজালৈ দুঘণ্টাৰ বাবে মুখ্য মন্ত্ৰীৰ টুইটাৰ একাউণ্টটো অৰ্পণ কৰা হ’ল।
Namaskar, my name is Vandana Urang from Namroop Tea Estate, Dibrugarh, Assam. On #WorldChildrensDay, I am taking over the CM Office twitter account to talk about my journey & share my opinions on how we can reimagine education in a post-pandemic world. @UNICEFIndia#KidsTakeOver pic.twitter.com/JxKw7CsNu3
— Chief Minister Assam (@CMOfficeAssam) November 20, 2020
বিশ্ব শিশু দিৱসৰ লগত সংগতি ৰাখি শিশুৰ উত্কৰ্ষ সাধন আৰু দক্ষতা বিকাশৰ উদ্দেশ্যৰে শুকুৰবাৰৰ দিনটোত ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীৰ টুইটাৰ একাউণ্ট অৰ্পণ কৰা হ’ব যুৱতীগৰাকীৰ হাতত। উল্লেখ্য, বন্দনা ওৰাং নামৰূপ মহাবিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ প্ৰথম ষাণ্মাষিকৰ ছাত্ৰী।