নিউজ ডেস্কঃ ২০২০-২১ পৰ্যটন বৰ্ষৰ বাবে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আনুষ্ঠানিকভাৱে মুকলি কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷ বুধবাৰে দুপৰীয়া উদ্যানৰ কহঁৰা বনাঞ্চলৰ মিহিমুখ প্ৰৱেশদ্বাৰত উপস্থিত হৈ মুখ্যমন্ত্ৰীগৰাকীয়ে বন্তি প্ৰজ্বলন কৰি, নাৰিকল ভাঙি প্ৰৱেশদ্বাৰৰ ফিটা কাটি আনুষ্ঠানিকভাৱে পৰ্যটকৰ বাবে মুকলি কৰে উদ্যান ৷ ইয়াৰ পিছতে অনুষ্ঠানত মুখ্যমন্ত্ৰীক সংগ দিয়া পশুপালন আৰু কৃষিমন্ত্ৰী অতুল বৰা, জলসম্পদ মন্ত্ৰী কেশৱ মহন্তসহ মুখ্যমন্ত্ৰী সোণোৱাল উদ্যানৰ কহঁৰা বনাঞ্চলত জীপছি গাড়ীৰে প্ৰৱেশ কৰে ৷ বনাঞ্চলৰ কাঠপৰা এলেকালৈকে পৰিভ্ৰমণ কৰি মুখ্যমন্ত্ৰী গৰাকী ওলাই আহি মিহিমুখত সাংবাদিক সকলক সম্বোধন কৰে ৷ ইয়াৰ পাছতে ডাবিডুবিৰ অনুষ্ঠানলৈ বুলি মুখ্যমন্ত্ৰীগৰাকী ৰাওনা হয় ৷
কাজিৰঙাৰ পৰা চিদানন্দ ধৰৰ প্ৰতিবেদন