নিউজ ডেস্কঃ আগন্তুক ২০২১ বৰ্ষৰ অসম বিধানসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত শাসক আৰু বিৰোধীদলৰ নেতাসকলৰ মুখত সঘনাই শুনিবলৈ পোৱা গৈছে সাম্প্ৰদায়িক মন্তব্য৷ শেহতীয়াকৈ দক্ষিণ শালমাৰা সমষ্টিৰ কংগ্ৰেছৰ বিধায়ক ৱাজেদ আলী চৌধুৰীয়ে এখন পঞ্চায়তৰ সভাত তীব্ৰ সাম্প্ৰদায়িক মন্তব্য প্ৰদান কৰি তুমুল বিতৰ্কৰ সৃষ্টি কৰিছে৷
পঞ্চায়তৰ সভাখনত ভাষণ প্ৰদান কৰি বিধায়কগৰাকীয়ে ২০২১ চনত বিজেপি নিৰ্বাচিত হ’লে অসমৰ মুছলমানসকলে হয়তো বা ধৰ্ম পৰিৱৰ্তন কৰিব লাগিব অথবা এই দেশ ত্যাগ কৰিব লাগিব৷ কেৱল ৰাজনৈতিক মুনাফা আদায়ৰ বাবেই এই মন্তব্য প্ৰদান কৰি বিধায়কগৰাকীয়ে শংকৰ-আজানৰ দেশখনত সাম্প্ৰদায়িক বিষবাষ্প বিয়পাবলৈ চেষ্টা কৰা বুলি সচেতন মহলে প্ৰকাশ কৰিছে৷