নিউজ ডেস্কঃ বিজেপি চৰকাৰে শ্ৰমিকৰ মজুৰি মাত্ৰ ৩০ টকা বৃদ্ধি কৰিছে। কিন্তু বৃদ্ধি পাব লাগিছিল ৮০ টকা। চাহ শ্ৰমিক ৰাইজক ঠগ, প্ৰৱঞ্চনা কৰাৰ পৰিণাম ভুগিব বিজেপিয়ে। ২০২১ৰ নিৰ্বাচনত কংগ্ৰেছ শাসনলৈ আহিব।মই শ্ৰম মন্ত্ৰী হৈ শ্ৰমিকৰ মজুৰি ৪০৭ টকালৈ বৃদ্ধি কৰিম’।
আজি এখন সংবাদমেলত এনেদৰে ঘোষণা কৰে মৰিয়নিৰ কংগ্ৰেছী বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে। মৰিয়নিৰ ক্ৰীড়া সন্থাৰ সভাকক্ষত বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে আয়োজন কৰা সংবাদ মেলত বিজেপি চৰকাৰক কঠোৰ ভাষাৰে সমালোচনা কৰাৰ লগতে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক উদ্দেশ্যি কয়- ‘আপোনালোকে চাহ শ্ৰমিকক এনেকুৱাকৈ বঞ্চিত কৰি আছে বা কৰিব চাহ শ্ৰমিক ৰাইজে সপোনতো ভবা নাছিল আৰু ভবাৰ সাহসো কৰা নাছিল। চাহ শ্ৰমিকক কৰা প্ৰতাৰণাৰ ফল মুখ্য মন্ত্ৰীৰ পৰা আপোনালোক সকলোৱে ভূগিব লাগিব।’
বিধায়ক গৰাকীয়ে কয় যে, ২০১২ চনৰ ১ মাৰ্চত চাহ মজদুৰ সংঘ আৰু চাহ বাগিছা মালিক সন্থাৰ উপদেষ্টা কমিটীৰ মাজত হোৱা তিনিবছৰীয়া চুক্তি অনুযায়ী শ্ৰমিকৰ মজুৰি ৭১.৫০ টকাৰ পৰা ৯৪ টকালৈ বৃদ্ধি কৰা হৈছিল। আনহাতে ২০১৫ চনৰ ২৬ ফেব্ৰুৱাৰীত হোৱা চুক্তি অনুসৰি ৯৪ টকাৰ পৰা ২০১৭ চনত ১৩৭ টকালৈ বৃদ্ধি কৰিছিল। শ্ৰমিকৰ মজুৰি বৃদ্ধিৰ এই হাৰৰ তুলনাত বৰ্তমান বিজেপি চৰকাৰে ২০১৮ চনৰ পৰা ২০২০ চনলৈ শ্ৰমিকৰ মজুৰি ৮০ টকা বৃদ্ধি কৰিব লাগিছিল যদিও মাত্ৰ ৩০ টকা বৃদ্ধি কৰি ৫০ টকা প্ৰতিজন শ্ৰমিকে লাভ কৰাৰ পৰা বিজেপি চৰকাৰে বঞ্চিত কৰি ৰাখিছে বুলি ৰূপজ্যোতি কুৰ্মীয়ে অভিযোগ কৰে।
বিধায়ক গৰাকীয়ে বিজেপি চৰকাৰে শ্ৰমিকৰ মজুৰি বৃদ্ধিৰ নামত কৰা এই ঠগ প্ৰবঞ্চনাৰ পৰিনাম ২১ৰ বিধান সভা নিৰ্বাচনত ভুগিব লাগিব বুলি উল্লেখ কৰে। আনহাতে ২০২১ৰ নিৰ্বাচনত বিজেপি গাদীচ্যুত হৈ কংগ্ৰেছ শাসনলৈ আহিব আৰু ৰূপজ্যোতি কুৰ্মী নিজে শ্ৰম মন্ত্ৰী হৈ শ্ৰমিকৰ মজুৰি ৪০৭ টকালৈ বৃদ্ধি কৰিব বুলিও সদম্ভে ঘোষণা কৰে।
আনহাতে বিজেপিয়ে চাহ জনগোষ্ঠীৰ ছাত্ৰ সংগঠন আটছা আৰু আছাৰ মাজত সংঘাট সৃষ্টি কৰি ছাত্ৰ সংগঠন দুটাক দুৰ্বল কৰাৰ য়ড়যন্ত্ৰত লিপ্ত হৈছে। ফলত চাহ শ্ৰমিকক কৰা বঞ্চনাৰ বিৰুদ্ধে সংগঠন দুটাই সৱল ভাৱে মাত মাতিব পৰা নাই বুলিও বিধায়ক গৰাকীয়ে মন্তব্য কৰে। সংবাদমেলখনত ৰূপজ্যোতি কুৰ্মীৰ সৈতে চাহ মজদুৰ সংঘৰ যোৰহাট শাখাৰ সভাপতি বিলাতী তাঁতী আৰু উপ সভাপতি মহেশ্বৰ গোৱালা উপস্থিত থাকে।