নিউজ ডেস্কঃ সকলো জল্পনা-কল্পনাৰ ওৰ পেলাই অহা ২১অক্টোবৰৰ পৰা পৰ্যটকৰ বাবে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান মুকলিৰ সিদ্ধান্ত গ্ৰহণ কৰিছে বন কৰ্তৃপক্ষই। অৱশ্যে চলিত বৰ্ষত চাৰিটাকৈ বানে গৰকা কাজিৰঙা উদ্যানখন আংশিকভাৱেহে মুকলি কৰি দিয়া হ’ব পৰ্যটকৰ বাবে। ইপিনে, কাজিৰঙাৰ অন্যতমঃ আকৰ্ষণ হাতী ছাফাৰীৰ পৰিৱৰ্তে কেৱল মাত্ৰ মুকলি কৰা হ’ব জীপ ছাফাৰীৰ। উদ্ধোধনী অনুষ্ঠানত ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল উপস্থিত থাকি ২০২০-২১ বৰ্ষৰ বাবে মুকলি কৰিব ৰাষ্ট্ৰীয় উদ্যানখন। ২১ অক্টোবৰৰ দিনৰ ১১ বজাত হস্তী পূজাৰে পৰ্যটকৰ বাবে মুকলি কৰা হ’ব ৰাষ্ট্ৰীয় উদ্যানখন।
উল্লেখ্য, ক’ভিড-১৯ৰ বাবে যোৱা মাৰ্চ মাহৰ পৰা বন্ধ আছিল ৰাষ্ট্ৰীয় উদ্যানখন৷ সম্পূৰ্ণ ক’ভিড-১৯ৰ নিয়মাৱালী মানি মুকলি কৰা হ’ব উদ্যানখন।