মহানগৰীৰ কামাখ্যা ৰেল ষ্টেচনত শনিবাৰে বিয়লি ৰেলৱে সুৰক্ষা বাহিনীৰ ( RPF)এটা দলে উজনি অসম অভিমুখী ৰেলত ১০ টা বেগত কৌশলৰে নি থকা অৱস্থাত ২৩০ টা বিলুপ্তপ্ৰায় প্ৰজাতিৰ কাছ উদ্ধাৰ কৰে। অৱশ্যে এই সন্দৰ্ভত কাকো আটক কৰিব নোৱাৰিলে আৰ পি এফৰ দলে। সন্ধিয়া উদ্ধাৰ কৰা কাছকেইজনী আৰ পি এফৰ ফালৰ পৰা বন বিভাগৰ গুৱাহাটী আঞ্চলিক বন বিষয়া কাৰ্যালয়ৰ অধীনৰ খানামুখ খণ্ড বন বিষয়া কাৰ্যালয়ক গতাই দিয়া হয়। খণ্ড বন বিষয়া আব্দুল ৰছিডৰ নেতৃত্বত এটা বনকর্মীৰ দলে নিশাই কাছখিনী ৰাজ্যিক চিৰিয়াখানাত থকা জলাশয়ত এৰি দিয়ে।
অৱশ্যে উদ্ধাৰ কৰাৰ সময়তে এটা কাছক মৃত অৱস্থাত প্ৰত্যক্ষ কৰা হয়। খণ্ড বন বিষয়া আব্দুল ৰছিদে সন্দেহ ব্যক্ত কৰা অনুসৰি উদ্ধাৰ কৰা কাছখিনী অসমৰ নহয়, বৰঞ্চ ৰাজস্থানৰ দিশৰ পৰা নাগালেণ্ডৰ দিশলৈ কাছখিনী সৰবৰাহ কৰা হৈছিল বুলি সন্দেহ কৰা হৈছে।