অহা ৫ ফেব্ৰুৱাৰীত ২৯,৭০১ শিক্ষকক নিযুক্তি পত্ৰ প্ৰদান কৰিব ৰাজ্য চৰকাৰে ।
জনতা ভৱনত এক সংবাদমেল যোগে ঘোষণা কৰিলে শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ।
২০১২-১৩ বৰ্ষৰ পিছত এইয়া শিক্ষা বিভাগত অন্য় এক সৰ্ববৃহৎ নিযুক্তি প্ৰক্ৰিয়া হ’ব ৰাজ্য চৰকাৰৰ।
প্ৰাদেশীকৃত আৰু নতুন নিযুক্তি দুই ধৰণেৰে নিযুক্তি পত্ৰ প্ৰদান কৰিব শিক্ষকসকলক ।
নিম্ন প্ৰাৰ্থমিক পৰ্যায়ত ১,৬৯৮ খন বিদ্যালয় প্ৰাদেশীকৰণ কৰিব চৰকাৰে ।
৩,৩০৯ গৰাকী শিক্ষক উপকৃত হ’ব এই প্ৰাদেশীকৰণ প্ৰক্ৰিয়াত ।
উচ্চ প্ৰাৰ্থমিক পৰ্যায়ত ২,১০৭ খন বিদ্যালয় প্ৰাদেশীকৃত হ’ব আৰু ৬,৫৮৬ গৰাকী শিক্ষকৰ চাকৰি নিয়মীয়াকৰণ কৰিব ।
মুঠ ৯৮৯৫ গৰাকী শিক্ষকৰ চাকৰি নিয়মীয়াকৰণ কৰা হ’ব এই পৰ্যায়ত।
বৃত্তিগত অৰ্হতা নথকা শিক্ষকসকলক টিউটৰ হিচাপে নিযুক্তি প্ৰদান কৰিব ।
২৬৬ খন হাইস্কুল প্ৰাদেশীকৃত কৰিব আৰু ২,২৬৯ গৰাকী শিক্ষক-কৰ্মচাৰীক নিযুক্তি প্ৰদান কৰিব ।
৪খন উচ্চতৰ মাধ্য়মিক বিদ্যালয়ৰ প্ৰদেশীকৰণৰ লগতে নিযুক্তি দিব ৩১ গৰাকী শিক্ষকক ।
১৫২ খন জুনিয়ৰ কলেজ প্ৰাদেশীকৃত কৰি ৰাজ্যৰ শিক্ষা বিভাগে ২,৩০৬ জন শিক্ষক-কৰ্মচাৰীক নিযুক্তি প্ৰদান কৰিব ।
পূৰ্বৰ প্ৰাদেশীকৃত স্কুলৰ এডিচনেল পোষ্ট নিযুক্তিৰ পৰিপ্ৰেক্ষিতত মাধ্য়মিক শিক্ষা সঞ্চালকালয়ত ৪৯৯৬ গৰাকী শিক্ষক নিয়মীয়াকৰণ কৰা হ’ব ।
উচ্চ শিক্ষা সঞ্চালকালয়ত ৩৩ খন কলেজৰ লগতে ৯০০ গৰাকী অধ্যাপক-অধ্য়াপিকা আৰু কৰ্মচাৰীক নিযুক্তি প্ৰদান কৰিব ।
মুঠ ১৫,০৯৩ গৰাকী শিক্ষক উপকৃত হ’ব এই নিযুক্তি প্ৰক্ৰিয়াৰ জৰিয়তে ।
ৰাজ্যৰ তিনিওটা শিক্ষা সঞ্চালকালয়ত ১৬,৪৯৪ কৰ্মচাৰীক নিয়মীয়াকৰণ কৰিব ।
এই পৰ্যায়ত বাদ পৰা শিক্ষকসকলক দ্বিতীয় পৰ্যায়ত তালিকা প্ৰস্তুত কৰি নিযুক্তি প্ৰদান কৰাক কথা উল্লেখ কৰে শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ।
নতুন নিযুক্তিৰ ক্ষেত্ৰত মাধ্য়মিক শিক্ষা সঞ্চালকালয়, প্ৰাৰ্থমিক শিক্ষা সঞ্চালকালয় আৰু সৰ্বশিক্ষা অভিযান মিছনৰ অধীনত মুঠ ১৩,২১৭ গৰাকী টেট উত্তীৰ্ণ শিক্ষকে নতুন নিযুক্তি লাভ কৰিব ।
নিম্ন প্ৰাথমিকত ৪৪৯৩ গৰাকী, উচ্চ প্ৰাথমিকত ২১৩৯ গৰাকী টেট শিক্ষক,
সৰ্বশিক্ষা অভিযান মিছনৰ অধীনত২৩৯৫ গৰাকী টেট শিক্ষক আৰু
মাধ্য়মিক শিক্ষা সঞ্চালকালয়ৰ অধীনত বিজ্ঞান শাখাত ১৩২৭ গৰাকী সহকাৰী শিক্ষক আৰু কলা শাখাত ২৮৬৩ গৰাকী সহকাৰী শিক্ষকক নিযুক্তি পত্ৰ প্ৰদান কৰিব ।