নিউজ ডেস্কঃ ৩০ ছেপ্টেম্বৰত কৃষক মুক্তিয়ে ঘোষণা কৰিব তেওঁলোকৰ প্ৰস্তাৱিত আঞ্চলিক ৰাজনৈতিক দলৰ নাম। মঙলবাৰে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ গান্ধীবস্তি কাৰ্যালয়ত এই সন্দৰ্ভত ৭০ সংগঠনৰ নেতৃত্বৰ সৈতে এক গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়।
এই বৈঠকত লোৱা সিদ্ধান্ত মৰ্মে, ২৫ ছেপ্টেম্বৰৰ পৰা ২৭ ছেপ্টেম্বৰৰ ভিতৰত ৭০ সংগঠনৰ প্ৰতিনিধিৰে আন এক বৈঠক অনুষ্ঠিত কৰি প্ৰস্তাৱিত ৰাজনৈতিক দলটোৰ প্ৰাৰম্ভিক কাম-কাজ আগবঢ়াই নিবলৈ এখন আহ্বায়ক কমিটী গঠন কৰিব।