মহানগৰীৰ উপকণ্ঠৰ সোণাপুৰৰ সোণাই গাওঁৰ চেচাশাল ক্ষেত্ৰত কাৰ্বি বাংঠে আছেমৰ উদ্যোগত সোমবাৰৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে কেন্দ্ৰীয় ভাৱে অনুস্থিত হৈছে কাৰ্বি সকলৰ চিৰআৰাধ্যৰ কাৰ্বি দেহাল (ৰংকেৰ)কাৰ্চিদম উৎসৱ। সেই উপলক্ষে সোমবাৰে পুৱা বিজয় কাঠাৰে বিৰকিলুত কৰাৰ পিছতে পতাকা উত্তোলন কৰে কাৰবি বাংঠে আছেমৰ কেন্দ্ৰীয় সমিতিৰ উপ-সভাপতি নবিন চন ক্ৰয়ে।
সেই উপলক্ষে উৎসৱৰ তোৰণ মুকলি কৰে তিৱা স্বায়ত্ব শাসিত পৰিষদৰ কাৰ্য্যনিৰ্বাহক সদস্য পৰেশ ৰাহাঙে আৰু বিৰকিলুত অনুস্থানটি শুভাৰম্ভ কৰে বিজয় কাঠাৰে। ইয়াৰ পাছতে খেল-ধেমালি, বৃক্ষৰোপন, প্ৰতিনিধি শিবিৰ, প্ৰদৰ্শনী দ্বাৰ আদি মুকলি কৰা হয়। আনহাতে বিয়লি প্ৰতিনিধি সভা মুকলি কৰে তিৱা পৰিষদৰ কাৰ্যনিৰ্বাহক সদস্য ভবেশ কাঠাৰে। তদুপলক্ষে সোণাইগাৱত বিধায়ক তথা সাংসদ পূঁজিৰে নিৰ্মান কৰি উলিওৱা দেহাল মন্দিৰৰ দ্বাৰ আৰু আঞ্চলিক ৰংগমঞ্চ আনুষ্ঠানিক ভাবে শুভ উদ্বোধন কৰে স্থানীয় বিধায়ক অতুল বৰাই।
উক্ত অনুষ্ঠানত জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকা, কামৰূপ মহানগৰ জিলা পৰিষদৰ সভানেত্ৰী শিৰোমণি কোৱৰ আদিয়ে অংশ গ্ৰহন কৰে। মঙ্গলবাৰে অৰ্থাৎ উৎসৱৰ দ্বিতীয় দিনা স্মৃতি তৰ্পন, উৎসৱৰ মূল অনুষ্ঠান আৰ্নাম কিবান, মুকলি সভাৰ লগতে সাংস্কৃতিক অনুষ্ঠান অনুস্থিত হব।