নিৰ্বাচন আহিলেই ৰাজনৈতিক দলসমুহে প্ৰতিশ্ৰুতিৰ এখন দীঘলীয়া তালিকা প্ৰস্তুত কৰে ৷ বিগত বিধানসভা নির্বাচনৰ সময়তে বিজেপি দলে দিয়া প্রতিশ্রুতি পুনৰ মনত পেলাই দিছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ৷ ১ ডিচেম্বৰ, মঙলবাৰে জনতা ভৱনত আয়োজিত সংবাদ মেলত মন্ত্রী হিমন্ত বিশ্ব শর্মাই কয় যে এই বছৰ উচ্চতৰ মাধ্যমিক পৰীক্ষাত প্রথম বিভাগত উত্তীর্ণ ২২ হাজাৰ ছাত্রীক ডিচেম্বৰ মাহৰ ভিতৰতে কোনো এটা দিনত স্কুটী প্রদান কৰা হ’ব৷ সেইদৰে ২০১৮–১৯ বর্ষত বাজেটত ৫ হাজাৰ ছাত্রীক স্কুটী দিয়া হ’ব বুলি কোৱা হৈছিল ৷ সেইসকল ছাত্রীকো অহা জানুৱাৰী–ফেব্রুৱাৰী মাহৰ ভিতৰত স্কুটী প্রদান কৰা হ’ব ৷ একেদৰে চৰকাৰে ২০১৯–২০ বর্ষৰ বাজেটত ২৫ কোটি টকা ধার্য কৰিছিল ৷ এতিয়া চৰকাৰে সেইবছৰ সুখ্যাতিৰে উত্তীর্ণ হোৱা ১০ হাজাৰ ছাত্রীকো অহা জানুৱাৰী ফেব্ৰুৱাৰীৰ ভিতৰত স্কুটী প্রদান কৰিব৷ মুঠতে উচ্চতৰ মাধ্যমিক পৰীক্ষাত সুখ্যাতিৰে উত্তীর্ণ হোৱা সর্বমুঠ ৩৭ হাজাৰ ছাত্রীক মেধাৰ ভিত্তিত স্কুটী প্রদান কৰা হ’ব৷ এই স্কুটী প্রদানৰ সময়ত স্কুটীৰ বীমা, পঞ্জীয়ন আৰু জি এছ টি চৰকাৰে আদায় দিব লাগিব ৷