গুৱাহাটী- কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা অখিল গগৈৰ এখন বিশাল চিত্ৰ অংকণ কৰি আটক হ’ল চাৰিজনকৈ চিত্ৰশিল্পী। বৃহস্পতিবাৰে অসম আৰক্ষীয়ে বশিষ্ঠৰ এখন দেৱালত ছবি আঁকি থকা অৱস্থাত আটক কৰে চিত্ৰশিল্পীকেইজনক।
নিধি ভৱনৰ সন্মুখৰ এখন দেৱালত অখিল গগৈক আৰক্ষীয়ে চলোৱা অত্যাচাৰ শীৰ্ষক প্ৰতিচ্ছবি অংকন কৰি আছিল । জানিব পৰা অনুসৰি অংগ আৰ্ট কালেকটিভ নামৰ সংগঠনৰ সদস্য ধ্ৰুৱজিৎ, প্ৰাঞ্জল কলিতা আৰু ৰাহুলে অখিল গগৈৰ মুক্তিৰ দাবীত গুৱাহাটীৰ লালমাটিত দেৱালত নেতা গৰাকীৰ প্ৰতিচ্ছবি অংকন কৰে ৷ কিছু সময় পিছতে উক্ত স্থানত বশিষ্ট আৰক্ষী উপস্থিত হয় আৰু এই চিত্ৰ আঁতৰাই পেলাবলৈ নিৰ্দেশ দিয়ে ৷ এই নির্দেশৰ পিছত অংগ আৰ্ট কালেকটিভৰ সদস্য সকলে দেৱালত অংকন কৰা উক্ত প্ৰতিচ্ছবিত বগা ৰং কৰি
An artist arrested from near Nidhi Bhawan in Guwahati while doing a wall painting on Akhil Gogoi’s arrest. pic.twitter.com/0T9t2Lew9r
— atanu bhuyan (@atanubhuyan) November 19, 2020
উল্লেখ্য় যে ১২ ডিচেম্বৰ, ২০১৯ত ‘কা’ বিৰোধী আন্দোলনৰ সময়ত যোৰহাটৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছিল কৃষক নেতা অখিল গগৈক। ‘কা’ বিৰোধী আন্দোলনে ৰাজ্যত তীব্ৰ ৰূপ ধাৰণ কৰাৰ সময়তে অখিল গগৈক গ্ৰেপ্তাৰ কৰি ১৭ ডিচেম্বৰত গুৱাহাটীৰ NIA-ৰ আদালতত হাজিৰ কৰা হৈছিল। মাওবাদীৰে সম্পৰ্ক থকা গোচৰত ৰাষ্ট্ৰীয় অনুসন্ধানকাৰী সংস্থা NIA-ই গ্ৰেপ্তাৰ কৰা অখিল গগৈক ২০ দিনৰ জিম্মাত বিচাৰিছিল যদিও NIA-ৰ আদালতে প্ৰথমবাৰ ১০ দিনৰ বাবে অখিল গগৈক NIA-ৰ জিম্মালৈ প্ৰেৰণ কৰিছিল।