নগাঁও জিলাত জাপানীজ এনকেফেলাইটিজত মৃত্যু হৈছে দুজন লোকৰ ৷ মৃত্যু হোৱা লোক দুজনৰ নাম হৈছে হামিদুল ইছলাম আৰু সদানন্দ বৰুৱা ৷ হামিদুলৰ ঘৰ নগাঁও জিলাৰ দগাঁৱত আৰু সদানন্দ বৰুৱাৰ ঘৰ নগাঁও চহৰৰ খুটিকটীয়াত ৷
নগাঁও স্বাস্থ্য বিভাগৰ সুত্ৰ মতে সদানন্দ বৰুৱাই GMCH l চিকিৎসাধীন অৱস্থাতে মৃত্যুক সাৱতি লয় ৷ আনহাতে মঙ্গলবাৰৰ দিনটোত নগাঁৱৰ এটি শিশু সহ ছজনকৈ লোকক GMCHত ভৰ্তি কৰা হৈছে ৷ আটাইকেইজন জাপানীজ এনকেফেলাইটিজত আক্ৰান্ত বুলি স্বাস্থ্য বিভাগে নিশ্চিত কৰিছে ৷ জাপানীজ এনকেফেলাইটিজত আক্ৰান্ত লোককেইজনৰ নাম হৈছে প্ৰবীণ বৰা(কামপুৰ), খীৰকান্ত শইকীয়া(বেবেজীয়া), আকমল(শিঙিমাৰী),ছাহিদা খাতুন(লাওখোৱা) আৰু লক্ষীকান্ত নাথ(হাৰিয়ামুখ)৷ ইয়াৰে শিঙিমাৰীৰ আকমল ন বছৰীয়া শিশু ৷ আনহাতে ৰহা অঞ্চলত ডায়েৰিয়াত বিভিন্ন লোক আক্ৰান্ত হোৱাৰ বাতৰি পোৱা গৈছে ৷ বৰ্তমানলৈকে তিনিজন লোকে ডায়েৰিয়াত প্ৰান হেৰুৱাইছে ৷