নিউজ ডেস্কঃ অহা ৫ অক্টোবৰত অসমৰ ৬০ হাজাৰ খিলঞ্জীয়া পৰিয়ালৰ মাজত মাটিৰ পট্টা বিতৰণ কৰা হ’ব৷ ইতিমধ্যে প্রায় ৪৬ হাজাৰ খিলঞ্জীয়া পৰিয়াললৈ ৰাজ্য চৰকাৰে মাটিৰ পট্টা প্রদান কৰিছে৷ এই পদক্ষেপৰ ফলত ৰাজ্য চৰকাৰৰ প্রতিশ্রুতি অনুসৰি ৰাজ্যৰ ১ লাখৰো অধিক খিলঞ্জীয়া পৰিয়াললৈ মাটিৰ পট্টা বিতৰণৰ কাম সম্পূর্ণ হ’ব৷ আনহাতে, চলিত বিত্তীয় বর্ষৰ ভিতৰতে ৰাজ্যৰ অতিৰিক্ত ১ লাখ খিলঞ্জীয়া পৰিয়াললৈ মাটিৰ পট্টা বিতৰণৰ বাবেও ৰাজ্য চৰকাৰে তৎপৰতাৰে পদক্ষেপ গ্রহণ কৰিব৷ আজি অসম প্রশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত অনুষ্ঠিত ৰাজহ বিভাগৰ এক পর্যালোচনা বৈঠকত মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে এই কথা ঘোষণা কৰে৷
বৈঠকত মুখ্যমন্ত্রী সোণোৱালে কয় যে খিলঞ্জীয়া ভূমিহীন পৰিয়ালক মাটিৰ পট্টা প্রদান কৰা বিষয়টো বর্তমানৰ ৰাজ্য চৰকাৰখনে অগ্রাধিকাৰ ভিত্তিত গ্রহণ কৰিছে৷ অহা ৫ অক্টোবৰত ৰাজ্যৰ জিলাই জিলাই অনুষ্ঠিত হ’বলগীয়া মাটিৰ পট্টা প্রদান অনুষ্ঠানত সংশ্লিষ্ট জিলাৰ দায়িত্বত থকা মন্ত্রী আৰু সাংসদসকলকো জড়িত কৰাৰ ব্যৱস্থা ল’বলৈও আজিৰ বৈঠকত মুখ্যমন্ত্রী সোণোৱালে ৰাজহ বিভাগক নির্দেশ দিয়ে৷ মুখ্যমন্ত্রী সোণোৱালে লগতে কয় যে ৰাজ্যৰ খিলঞ্জীয়াৰ ভূমিৰ অধিকাৰ সুৰক্ষিতকৰণৰ বাবে ৰাজ্য চৰকাৰে হৰিশংকৰ ব্রহ্মৰ নেতৃত্বত গঠিত সমিতিৰ প্রতিবেদনৰ অধিকাংশই ৰূপায়ণৰ পদক্ষেপ লৈছে৷ ইয়াৰ আধাৰতে ৰাজ্য চৰকাৰে ২০১৯ বর্ষত এক নতুন ভূমি নীতি গ্রহণ কৰিছে৷ তদুপৰি ইয়াৰ আধাৰতে সত্র ইত্যাদিৰ ভূমি বেদখল উচ্ছেদ কৰি বেদখলমুক্ত কৰাৰ পদক্ষেপ লৈছে৷ ৰাজ্যৰ প্রতিটো জাতি–জনগোষ্ঠীৰ খিলঞ্জীয়া ভূমিহীন পৰিয়ালে যাতে যুগ যুগ ধৰি বসবাস কৰি অহা ভূমিত মাটিৰ পট্টা লাভ কৰাটো নিশ্চিত কৰিব পৰা যায়, তাৰ বাবে ৰাজ্য চৰকাৰে নিষ্ঠা সহকাৰে পদক্ষেপ লৈছে বুলিও তেওঁ মন্তব্য কৰে৷