নিউজ ডেস্কঃ ৫ অক্টোবৰৰ পৰা অনিৰ্দিষ্টকাললৈ অসমত ‘চকা বন্ধ’ ঘোষণা।সোমবাৰৰ পৰা অসমত চলাচল নকৰে যাত্ৰী কঢ়িওৱা বাহন।দুগুণ ভাড়া বৃদ্ধিৰ দাবীৰে এই সিদ্ধান্ত লৈছে সদৌ অসম মটৰ পৰিবহণ সন্থাই।
এই সন্দৰ্ভত সদৌ অসম মটৰ পৰিবহণ সন্থাৰ সাধাৰণ সম্পাদক প্ৰদীপ দাসে জানিবলৈ দিয়া অনুসৰি,”ল’ক ডাউনৰ সময়ত তেওঁলোকলৈ চৰকাৰে কোনো ধৰণৰ সহায়ৰ হাত আগনবঢ়ালে।ল’ক ডাউনৰ সময়ত বিভিন্ন ক্ষেত্ৰত দাম বৃদ্ধি কৰা হ’ল।
যিহেতু যাত্ৰী ৫০ শতাংশ কঢ়িয়াব লাগে গতিকে আমাৰ কৰো ৫০ শতাংশ ৰেহাই দিব লাগে।৫০ শতাংশ যাত্ৰীৰে সেৱা আগবঢ়াই থকা ব্যক্তিগত বাছ,ট্ৰেকাৰ,মেজিক,ই-ৰিক্সা সমূহে বাৰে-বাৰে দাবী জনাই অহাৰ পিছতো ভাড়া বৃদ্ধিৰ দাবীক ৰাজ্যৰ পৰিবহণ বিভাগে কোনো ধৰণৰ গুৰুত্ব নিদিলে।ইতিমধ্যে উক্ত দাবী সম্বলিত এখন স্মাৰক পত্ৰ পৰিবহন আয়ুক্তলৈ প্ৰেৰণ কৰা হৈছে।”
উল্লেখযোগ্য যে, তেওঁলোকৰ দাবী সমূহ মানি ল’বলৈ অহা সোমবাৰলৈকে সময়সীমা বান্ধি দিছে।চৰকাৰে এই ক্ষেত্ৰত কোনো ধৰণৰ গুৰুত্ব নিদিলে অহা ৫ অক্টোবৰৰ পৰা অনিৰ্দিষ্টকালৰ বাবে চকা বন্ধৰ কাৰ্যসূচী সমগ্ৰ অসমতে ৰূপায়ণ কৰিব।