নিউজ ডেস্কঃ কোকৰাঝাৰ জিলাৰ গোসাইগাঁও মহকুমাৰ তুলসীবিল আৰক্ষী চকীৰ অন্তৰ্গত তুলসীবিল বজাৰত এক চাঞ্চল্যকৰ আৰু নিদাৰুণ ঘটনা সংঘটিত হৈছে। তুলসীবিল বজাৰৰ বাসিন্দা নিৰ্মল পাল(৫২) , নিৰ্মল পালৰ পত্নী মল্লিকা পাল (৪৫)আৰু তিনি জীয়ৰী ক্ৰমে পূজা পাল( ২৫) নেহা পাল(১৭ ),স্নেহা পালে (১৫) ৰবিবাৰৰ নিশা নিজ গৃহতে চিপলৈ আত্মহত্যা কৰে। একমাত্ৰ ঋণৰ চাপ সহ্য কৰিব নোৱাৰিয়ে নিৰ্মল পালৰ পৰিয়ালটোৱে আত্মহত্যা কৰিলে বুলি স্থানীয় ৰাইজে সন্দেহ প্ৰকাশ কৰিছে ।
উল্লেখ্য, নিৰ্মল পালে তুলসীবিল বজাৰত সাৰৰ ব্যৱসায় কৰিছিল । কিন্তু লকডাউনৰ সময়ছোৱাৰে পৰা ব্যৱসায়ত ব্যাপক লোকচান হৈছিল আৰু যাৰ পৰিণতিতে নিৰ্মল পাল ধাৰত পোত গৈছিল । স্থানীয় ৰাইজে সদৰি কৰা মতে সুতত লোৱা ঋণৰ পৰিমাণ বহু লাখ টকা আছিল আৰু ঋণৰ বোজা সহ্য কৰিব নোৱাৰিয়েই চৰম পন্থা ললে বুলি সন্দেহ প্ৰকাশ কৰিছে ।
আনহাতে কোকৰাঝাৰ জিলাৰ আৰক্ষী অধীক্ষক ৰাকেশ ৰৌশানে ঘটনাস্থলীত উপস্থিত হৈ সংবাদ মাধ্যমৰ আগত এয়া আত্মহত্যা বুলিয়ে সদৰী কৰে । প্ৰাৰম্ভিক তদন্ত মৰ্মে এয়া ঋণগ্ৰস্থতাৰ বাবে আত্মহত্যা যদিও ঘটনাটোৰ পুংখানুপুংখ তদন্ত কৰা হব বুলি সদৰী কৰিছে আৰক্ষী অধীক্ষক ৰাাকেশ ৰৌশনে ।
প্ৰণিধানযোগ্য যে নিৰ্মল পালৰ ডাঙৰ ছোৱালী পূজা পালে বিজ্ঞান শাখাৰ স্নাতক ডিগ্ৰী লাভ কৰি তুলসীবিল জাতীয় বিদ্যালয়ত শিক্ষয়ত্ৰী হিচাপে কাম কৰি আছিল আৰু মাজু ছোৱালী নেহা পালে উচ্চতৰ মাধ্যমিকৰ দ্বিতীয় বৰ্ষৰ ছাত্রী আৰু কনিষ্ঠা ছোৱালী স্নেহা পাল দশম শ্ৰেণীত অধ্যয়নৰত আছিল। একমাত্র ঋণৰ চাপ সহ্য কৰিব নোৱাৰিয়ে চৰম পথ বাচি লোৱা ঘটনাটোক লৈ অৱশ্যে এবিএমছুৱে সন্দেহ প্ৰকাশ কৰিছে । এবিএমছুৰ মতে এয়া অকল্পনীয় ঘটনা আৰু প্ৰকৃততে যদি সেয়াই হয় সুতত ঋণ দিয়া সকলকো তদন্তৰ আওতালৈ আনিবলৈ এবিএমছুৱে দাবী জনাইছে । উল্লেখ্য যে নিৰ্মল পালৰ প্ৰকৃত ঘৰ গোৱালপাৰা জিলাত আৰু বিগত ২৫ বছৰ ধৰি তুলসীবিল বজাৰত ভাড়াতীয়া হিচাপে বসবাস কৰি আছিল ।