নিউজ ডেস্কঃ সশস্ত্ৰ সংগ্ৰামৰ অন্ধকাৰচন্ন বাট এৰি শান্তিৰ বাটলৈ ঘূৰি আহিল বিদ্ৰোহী সংগঠন আলফা স্বাধীনৰ লগতে আন তিনিটা বিদ্ৰোহী সংগঠনৰ কেইবাজনো কেডাৰ। অসম চৰকাৰৰ গৃহ বিভাগ আৰু অসম আৰক্ষীৰ উদ্যোগত সোমবাৰে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত অনুষ্ঠিত এক বিশেষ আত্মসমৰ্পণ অনুষ্ঠানত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ উপস্থিতিত অস্ত্ৰসহ আত্মসমৰ্পণ কৰে মুঠ ৬৪ জন কেডাৰে।
অনুষ্ঠানত সংযুক্ত মুক্তি বাহিনী, অসম (স্বাধীন)ৰ উপ-মুখ্য সেনাধ্যক্ষ মনোজ ৰাভা ওৰফে দৃষ্টি ৰাজখোৱা, তেওঁৰ পত্নী লীলা ডি মাৰাক, লেফটেনেণ্ট কর্নেল বিজয় দাস ওৰফে মণ্টু শইকীয়াৰ লগতে সংগঠনটোৰ ১৮গৰাকী সদস্য, পীপল৲ছ ডেম’ক্রেটিক কাউন্সিল অব৲ কার্বি লংৰি (পি ডি চি কে)ৰ ভাৰপ্রাপ্ত মুখ্য সেনাধ্যক্ষ অ’ন টেৰণ ওৰফে লখন টেৰণ, ইউনাইটেড পীপল৲ছ ৰিভলুশ্যনেৰী ফ্রণ্ট (ইউ পি আৰ এফ)ৰ সচিব প্রধান লালমিনথাং গুইটে ওৰফে ফ্রেংকি আৰু প্রতিৰক্ষা সচিব চিনখামচেম গুইটে ওৰফে জুভিকে ধৰি সংগঠনটোৰ ৩২গৰাকী সদস্য আৰু ডিমাছা নেশ্যনেল লিবাৰেশ্যন আর্মি (ডি এন এল এ)ৰ প্রচাৰ সচিব ৰিপেঞ্চ গালোর্চা ওৰফে হাদাইচাকে ধৰি ১৩গৰাকী সদস্যই মুখ্যমন্ত্রী সোণোৱালৰ হাতত অস্ত্র-শস্ত্র জমা দি মূলসুঁতিলৈ ঘূৰি আহে৷ বিদ্ৰোহী সংগঠনৰ ৬৪ জন কেডাৰৰ এই আত্মসমৰ্পণে এখন শান্তিপূৰ্ণ আৰু সন্ত্ৰাসমুক্ত অসম গঢ়াত সহায় কৰিব বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰী সোণোৱালে। লগতে এনে আত্মসমৰ্পণৰ জৰিয়তে সশস্ত্ৰ সংগ্ৰামৰ সৈতে জড়িত আন সকলকো শান্তিৰ পথলৈ ঘূৰি আহিবলৈ আহ্বান জনায় তেওঁ।
হিংসাৰ পথ পৰিত্যাগ কৰা উগ্রপন্থী সদস্যসকলক মূল সূতিলৈ আদৰণি জনাই মুখ্যমন্ত্ৰী সোণোৱালে কয় যে শান্তিৰ অবিহনে প্রগতি কেতিয়াও সম্ভৱ নহয়৷ অন্তৰত ঘৃণা আৰু ভেদভাব লৈ কোনেও শান্তিৰে জীয়াই থাকিব নোৱাৰে৷ নিজৰ জীৱনৰ লগতে পৰিয়াল, সমাজ, ৰাজ্যখন আৰু দেশক প্রগতিৰ পথেৰে আগুৱাই নিবৰ বাবে সেয়ে হিংসাৰ কণ্টকময় পথ এৰি শান্তিৰ সেন্দূৰীয়া পথ আঁকোৱালি ল’বই লাগিব৷ আনহাতে আত্মসমৰ্পণকাৰী সদস্যসকলৰ সংস্থাপনৰ বাবেও চৰকাৰে ‘স্বাৱলম্বন’ আঁচনিৰ জৰিয়তে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰি আহিছে বুলিও সদৰী কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। চৰকাৰে ৰূপায়ণ কৰা স্ব-নিয়োজন আঁচনি সমূহৰ সুযোগ গ্ৰহণ কৰিবলৈ আত্মসমৰ্পণকাৰী সদস্য সকলক আহ্বান জনায় তেওঁ।
সোমবাৰৰ এই অনুষ্ঠানত মুখ্যমন্ত্রীৰ মিডিয়া উপদেষ্টা হৃষীকেশ গোস্বামী, মুখ্যমন্ত্রীৰ আইন উপদেষ্টা শান্তনু ভৰালী, আৰক্ষী সঞ্চালকপ্রধান ভাস্কৰজ্যোতি মহন্ত, মুখ্যমন্ত্রীৰ অতিৰিক্ত মুখ্য সচিব পৱন কুমাৰ বৰঠাকুৰ, গৃহ বিভাগৰ প্রধান সচিব নীৰজ বার্মা, অতিৰিক্ত আৰক্ষী সঞ্চালকপ্রধান হৰমিত সিং, গৃহ বিভাগৰ আয়ুক্ত সচিব জি ডি ত্রিপাঠী, সেনাবাহিনীৰ ২১ মাউণ্টেইন ডিভিজনৰ জি অ’ চি এছ পি সিং, চি আৰ পি এফৰ নর্থ-ইষ্ট জ’নৰ অতিৰিক্ত সঞ্চালকপ্রধান সঞ্জীৱ ৰঞ্জন ওজা, এছ আই বিৰ যুটীয়া সঞ্চালক ৰশ্মি সিনহা প্রমুখ্যে ভাৰতীয় সেনা, এছ এছ বি, বি এছ এফ, আই টি বি পি আৰু অসম আৰক্ষীৰ উচচপদস্থ বিষয়াসকল উপস্থিত থাকে৷