ৰাজ্যত জাপানিজ এনকেফেলাইটিজৰ আতংক। শিৱসাগৰৰ পিছত এইবাৰ দৰঙ জিলাতো জাপানিজ এনকেফেলাইটিজত কেবাগৰাকীও লোকৰ মৃত্যু হোৱাত এক আতংকময় পৰিস্থিতিৰ সৃষ্টি হৈছে। ৰাজ্য চৰকাৰে জনসাধাৰণৰ মাজত কেতবোৰ ন ন আচঁনি ঘোষনা কৰিছে যদিও স্বাস্থ্য খণ্ডৰ বিয়াগোম মেলেৰিয়া বিভাগে এই ক্ষেত্ৰত কোনোধৰণৰ পদক্ষেপ লোৱা দেখা নাই বুলি অভিযোগ কৰিছে ৰাইজে। পৰিলক্ষিত হোৱা নাই।
কেৱল দৰঙতে বৰ্তমানলৈ জাপানিজ এনকেফেলাইটিজ ৰোগত সাতগৰাকী লোকৰ মৃত্যু হোৱাৰ পিছতো গা লৰা নাই বিভাগটোৰ। দৰঙৰ খাৰুপেটিয়াৰ অশোক সাহা (৪৫), খাৰুপেটিয়াৰ পদোঘাটৰ বাগদাদ হুছেইন(১২), ৰুমিজা বেগম(৩৮)ৰ জাপানিজ এনকেফেলাইটিজ ৰোগত মৃত্যু হয়। আনহাতে, এনকেফেলাইটিজ সদৃশ (এইএছ) ৰোগত মঙলদৈ গাঁৱৰ ৰতন ৰয় (৫০), মহেশ্বৰ কলিতা(৭০), নামখলা, উদয় চহৰীয়া( ০৩), মঙলদৈৰ গেৰিমাৰীৰ দেৱকান্ত ভূঞা(৬২)ৰ মৃত্যু হোৱাত এক আতংকৰ সৃষ্টি হৈছে। স্থানীয় ৰাইজে দেৱকান্ত ভূঞাৰ জাপানিজ এনকেফেলাইটিজ ৰোগত মৃত্যু হোৱা বুলি দাবী কৰিছে যদিও বিভাগীয় কৰ্তৃপক্ষই এয়া জাপানিজ এনকেফেলাইটিজ সদৃশ ৰোগ (এইএছ)ত হে মৃত্যু হোৱা বুলি সদৰি কৰে।