অসম আৰক্ষীয়ে মাজে সময়ে ৰাজ্যত ৰোহিংগীয়াৰ বিৰুদ্ধে অভিযান চলাই থকাৰ সময়তে চুবুৰীয়া দেশ বাংলাদেশৰ পৰা ত্ৰিপুৰা ৰাজ্যৰ সীমান্তৰে ৰেলেৰে গুৱাহাটী হৈ দেশৰ আন ৰাজ্যলৈ অব্যাহত আছে ৰোহিংগীয়াৰ অবৈধ প্ৰবজন। ইয়াৰ মাজতে উত্তৰ পূব সীমান্ত ৰেলৱেৰ ৰেলৱে সুৰক্ষা বাহিনীয়ে (RPF) চলাই অহা অভিযানত ত্ৰিপুৰা সীমান্ত পাৰ হৈ ৰেলেৰে গুৱাহাটী অভিমুখে আহি থকা অৱস্থাত পহিলা জুনৰ পৰা ২৩ জুলাই পৰ্যন্ত ৫৩ দিনত মহিলাসহ ৮৮ জন ৰোহিংগীয়া বাংলাদেশীক আগৰতলা, বদৰপুৰ, নিউ জলপাইগুৰীসহ বিভিন্ন ৰেলৱে ষ্টেছনত আটক কৰিবলৈ সক্ষম হৈছে।
অভিযানত ৰোহিংগীয়াক সীমান্ত পাৰ কৰোৱা কাৰ্যত সহায় কৰা ৫ জন ভাৰতীয় দালালক আটক কৰিছে আৰ পি এফৰ দলে। আটক কৰা ৰোহিংগীয়া সকলৰ বিৰুদ্ধে পৰবৰ্তী আইনগত ব্যবস্থা গ্ৰহণ কৰাৰ বাবে নিকটবৰ্তী চৰকাৰী ৰেলৱে আৰক্ষীক গতাই দিয়া হয়। উল্লেখ্য যে বিগত সময়চোৱাত ৰাজধানী নতুন দিল্লীকে ধৰি দেশৰ বিভিন্ন ৰাজ্যত শতাধিক ৰোহিঙীয়া বাংলাদেশী ধৰা পৰা ঘটনাক কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে গুৰুত্ব সহকাৰে গ্ৰহণ কৰি ৰাজ্য চৰকাৰ সমূহক কঠোৰ ব্যৱস্থা লবলৈ নিৰ্দেশনা দিছে।