বোকাজান আৰক্ষীয়ে ড্ৰাগছ সৰবৰাহকাৰীলৈ লক্ষ্য কৰি চলালে গুলী। আৰক্ষীয়ে প্ৰকাশ কৰা মতে আটকাধীন ড্ৰাগছ সৰবৰাহকাৰীটোৱে আৰক্ষীক আক্ৰমণ কৰি পলাবলৈ চেষ্টা কৰিছিল। যাৰ বাবে আৰক্ষীয়ে গুলী চলাবলৈ বাধ্য হয়।
ঘটনাৰ বিৱৰণ অনুসৰি খটখটি আৰক্ষীৰ নাকা তালাচীৰ সময়ত আনুমানিক প্ৰায় ৩ কোটি টকাৰ মূল্য ড্ৰাগছ জব্দ কৰিবলৈ সক্ষম হৈছিল আৰক্ষীয়ে। বিমল পল নামৰ এজন লোকে ডিমাপুৰৰ পৰা কঢ়িয়াই আনিছিল ড্ৰাগছখিনি। ডিমাপুৰৰ পৰা খোজকাঢ়ি আহি থকা বিমল পলে ৪০ টা চাবোনৰ বাকচত কঢ়িয়াই আনিছিল এই ড্ৰাগছখিনি। ধৃত বিমল পলৰ ঘৰ বোকাজানৰ শুকানজানত।
আৰক্ষীয়ে আটকাধীন বিমল পলে কোন ঠাইলৈ এই ড্ৰাগছ সৰবৰাহ কৰিছিল সেই কথা জানিব পৰা নাই। আৰক্ষীয়ে আটকাধীন বিমলক বোকাজান সমূহীয়া চিকিৎসা কেন্দ্ৰলৈ লৈ যোৱাৰ সময়ত আৰক্ষী উপ-পৰিদৰ্শক নিতুল শইকীয়াক আক্ৰমণ কৰি পলাবলৈ চেষ্টা কৰে।
ফলত আৰক্ষীয়ে বিমল ভৰিলৈ লক্ষ্য কৰি গুলী চালনা কৰিবলৈ বাধ্য হয়। আৰক্ষীৰ গুলীত আহত ড্ৰাগছ সৰবৰাহকাৰী বিমলক বৰ্তমান বোকাজান চিকিৎসা কেন্দ্ৰলৈ প্ৰেৰণ কৰা হৈছে।