হাইলাকান্দি জিলাৰ অসম-মিজোৰাম সীমান্তত উত্তপ্ত পৰিস্থিতি ।
অসমীয়া লোকৰ ঘৰত অগ্নিসংযোগ কৰিলে মিজো দুস্কৃতিকাৰীয়ে ।
২০ টা অসমীয়া পৰিয়ালৰ ঘৰত অগ্নিসংযোগ দুৰ্বৃত্তৰ। আহত অসমৰ ১০ জন লোক ।
PMGSY এটা পথ নিৰ্মাণক লৈ অসমীয়া আৰু মিজো সংগঠনৰ মাজত সৃষ্টি হৈছিল উত্তেজনামূলক পৰিস্থিতিৰ ।
শূন্যলৈ গুলী চালনা মিজো দুস্কৃতিকাৰীৰ ।
ঘটনাস্থলীত মোটায়েন কৰা হৈছে নিৰাপত্তাৰক্ষীৰ দল ।
কচুৰতল অঞ্চলত সান্ধ্য আইন জাৰি কৰিছে প্ৰশাসনে।
মিজোৰামৰ কেইবাটাও ছাত্ৰ সংগঠন জড়িত থকাৰ সন্দেহ সন্দেহ প্ৰকাশ কৰিছে প্ৰশাসনে।
অনিৰ্দিষ্ট কাললৈ দক্ষিণ হাইলাকান্দি বন্ধৰ ঘোষণা ।
উল্লেখ্য, ৯ ফেব্ৰুৱাৰীতো কচুৰতল অঞ্চলৰ ৫৪ টাকৈ বাসগৃহ জ্বলাই দিছিল মিজো দুৰ্বৃত্তই ।