গুৱাহাটীৰ পৰা ১৬ জানুৱাৰীত গুজৰাট অভিমুখে ৰাওনা হোৱা অসম বিধানসভাৰ ৰাজহুৱা উদ্যোগ সমূহৰ সমিতিৰ অগপ – বিজেপিৰ তিনিজনীয়া বিধায়কৰ দলটো এসপ্তাহযোৰা ভ্ৰমণসূচী সামৰি কালি নিশা কলকাতা হৈ গুৱাহাটীত উপস্থিত হৈছে। সমিতিৰ অধ্যক্ষ, বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ নেতৃত্বত যোৱা আন দুজন বিধায়ক আছিল ক্ৰমে বিধায়ক প্ৰদীপ হাজৰিকা আৰু বিধায়ক টেৰছ গোৱালা। তেনেদৰে দলটোৰ সৈতে গৈছিল অসম চৰকাৰৰ যুটীয়া সচিব ইন্দ্ৰজিৎ মজুমদাৰ আৰু অবৰ সচিব ৰণজিৎ শৰ্মা। গুজৰাটৰ ৰাজধানী আহমেদাবাদত দলটোৱে সমবায় ভিত্তিত স্থাপন হোৱা বিশ্ববিখ্যাত আমূল গাখীৰ প্ৰকল্প পৰিদৰ্শন কৰে।
পৰিদৰ্শন কালত আমূল প্ৰকল্পৰ অধ্যক্ষ অমন পেটেলে বিধায়কৰ দলটোক আদৰণি জনায়। অধ্যক্ষ পেটেলে বিধায়কৰ দলটোৱে দলটোৱে গুজৰাটৰ আৰ্হিত গুৱাহাটীৰ কাষৰীয়া চন্দ্ৰপুৰত এটা প্ৰকল্প স্থাপনকৰা হৈছে বুলি সদৰি কৰি দ্বিতীয়টো প্ৰকল্প যোৰহাটত স্থাপনৰ কাম কৰি আছে বুলি অৱগত কৰে। অসমত গাখীৰৰ যথেষ্ট চাহিদা আছে আৰু ইয়াক কেন্দ্ৰ কৰি গাখীৰ উপলব্ধ হোৱা অঞ্চলত অনাগত দিনত পুনৰ গাখীৰ উৎপাদন প্ৰকল্প স্থাপন কৰিব বুলি সদৰি কৰে। আনহাতে দলটোৱে নৰ্মদা নদীৰ পাৰত কেভেৰিয়াত থকা চৰ্দাৰ বল্লভ ভাই পেটেলৰ প্ৰতিমূৰ্তি স্থান আৰু তাত থকা ১,৪৫০ মেগাৱাত ক্ষমতা সম্পন্ন জলবিদ্যুৎ প্ৰকল্প পৰিদৰ্শন কৰি পৰ্যটনৰ সম্ভাৱনাৰ দিশটোৰ বুজ লয়। আনহাতে দলটোৱে কেন্দ্ৰীয় শাসিত দমন ডিউলৈ গৈ তাত পৰ্যটন ক্ষেত্ৰখনৰ দিশটো পৰ্যবেক্ষণ কৰে। বিধায়ক কলিতাই সদৰি কৰা অনুসৰি দলটোৰ ভ্ৰমণ আৰু ক্ষেত্ৰ অধ্যয়নৰ মূল লক্ষ্য আছিল সমবায় খণ্ডত গুজৰাটে কেনে ধৰণে বিকাশ কৰিছে, সেইটোৰ লগতে লগতে বৃহৎ উদ্যোগ সমূহ পৰ্য্যবেক্ষণ কৰা। গুজৰাটৰ বিকাশৰ ওপৰত দলটোৱে অধ্যয়ন কৰিছে আৰু আহমদাবাদত ডাম্পিং গ্রাউণ্ডত আৱৰ্জনা কেনেদৰে নিষ্কাষন কৰা হয় তাকো পৰ্যবেক্ষণ কৰা হৈছে। আনকি ভ্ৰমণ কালত গুজৰাটত সমবায় সমিতিৰ জৰিয়তে শিক্ষিত নিবনুৱাসকল কেনেদৰে স্বাৱলম্বী হৈছে তাৰ বুজ লোৱা হৈছে। ক্ষুদ্ৰ উদ্যোগ বা “মাইক্রো ইন্ডাষ্ট্ৰিৰ জৰিয়তে গুজৰাটে কেনেকৈ বিকাশ কৰিছে সেইটোও পৰ্যবেক্ষণ কৰা হৈছে। মূলত গুজৰাটে উন্নয়নৰ ক্ষেত্ৰখনত দেখুওৱা সাফল্য অসমত কিদৰে প্ৰয়োগ কৰি ৰাজ্যখনক উন্নয়নৰ শিখৰলৈ নিব পাৰি তাৰ ওপৰত এই ভ্ৰমণত অধিক গুৰুত্ব দিয়া হৈছিল বুলি দলটোৰ নেতৃত্ব দিয়া ৰমেন্দ্ৰ নাৰায়ণ কলিতাই সদৰি কৰিছে।