দেশৰ প্ৰতিখন ৰাজ্য লাভ-জেহাদৰ বিৰুদ্ধে আইন প্ৰণয়ন কৰাৰ দিশত যিদৰে সাজু হৈ উঠিছে ঠিক সময়তে অসম চৰকাৰেও এইবাৰ এই ক্ষেত্ৰত এক আইন প্ৰস্তুত কৰিবলৈ আগবাঢ়িছে ৷মন্ত্ৰী ডঃ হিমন্ত বিশ্বৰ শৰ্মাই এটা ব্যক্তিগত ৰাষ্ট্ৰীয় টিভি চেনেলত দিয়া সাক্ষাৎকাৰত কয় যে ২০২১ চনত বিজেপিয়ে অসমত শাসনলৈ আহিলে অসমতো লাভ জেহাদৰ বিৰুদ্ধে আইন প্ৰণয়ন কৰা হ’ব। এই আইনখনৰ সন্দৰ্ভত মন্ত্ৰী হিমন্তই ঘোষণা কৰাৰ লগে লগে বিষয়টোৱে অসমত বিশেষভাৱে চৰ্চিত হৈছে।মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে অসমতো লাভ জেহাদক শাস্তিযোগ্য অপৰাধ হিচাপে গণ্য কৰি আইন প্ৰণয়ন কৰা হ’ব লগতে আৰু কয় যে বিয়াৰ এমাহৰ পূৰ্বে দৰা-কইনা দুয়োজনেই ধৰ্মীয় প্ৰমাণ পত্ৰ দাখিল কৰিব লাগিব। অসমত প্ৰস্তুত হোৱা আইনখন কেৱল লাভ জেহাদৰ বিৰুদ্ধে নহ’ব। সকলো ধৰ্মকে অন্তভুৰ্ক্ত কৰা হ’ব ৷ স্বচ্ছতাৰে আমি আমাৰ ভগ্নীসকলক শক্তিশালী কৰিবলৈ অকল ধৰ্মৰে নহয়, দৰাৰ সকলো উপাৰ্জনৰ উৎসও জানিব পাৰিব লাগিব কইনাই ৷ লগতে পৰিয়ালৰ সৱিশেষ তথ্য, শিক্ষাগত তথ্য আদি সকলোবোৰ প্ৰমাণ পত্ৰ জনাব লাগিব দৰাই কইনাক।আনহাতে মন্ত্ৰী শৰ্মাৰ মতে প্ৰস্তাৱিত আইনখনত দৰাৰ লগতে কইনাৰো উপাৰ্জনৰ উৎস দাখিল কৰাৰ বিষয়ে উল্লেখ থাকিব। দুয়োৰে স্থায়ী ঠিকনা, পেচা আৰু ধৰ্ম এই সকলোবোৰ চৰকাৰী তথ্য তথা প্ৰমাণ পত্ৰ দাখিলৰ বাবে নিৰ্দেশনা থাকিব।
উল্লেখ্য যে এই আইনখনে নাৰীক শক্তিশালী কৰি তুলিব।লগতে ইয়াত উত্তৰ প্ৰদেশ আৰু মধ্য প্ৰদেশৰ আইনৰ কিছুমান উপাদান থাকিব।