গুৱাহাটীৰ ভৰলুমুখ আৰক্ষী থানাৰ অন্তৰ্গত ফটাশিল আমবাৰীৰ নামঘৰ সমীপৰ পৰা এগৰাকী নৱম শ্ৰেণীৰ ছাত্ৰী এক সপ্তাহ ধৰি সন্ধানহীন হৈ থকা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। জানিব পৰা মতে ফাঁচিবজাৰৰ এল অ জি হিন্দী স্কুলৰ নৱম শ্ৰেণীত অধ্যয়নৰত সংগীতা নামৰ ছাত্ৰীগৰাকীয়ে ১৩ আগষ্টৰ দিনা স্কুললৈ যোৱাৰ সলনি দিনৰ ১০ মান বজাত ঘৰৰ পৰা বজাৰলৈ যাও বুলি ওলাই যায়। কিন্তু সেইদিনা নিশা পর্যন্ত ছাত্ৰীগৰাকী ঘৰলৈ উভতি নোযোৱাত পৰিয়ালৰ সদস্যসকলে সম্ভাব্য সকলো স্থানত বিচাৰ-খোঁচাৰ কৰি কোনো সম্ভেদ উলিয়াব নোৱাৰি পাছত ঘটনা সন্দৰ্ভত পাছদিনা ১৪ আগষ্টত ভৰলুমুখ আৰক্ষী থানাত এজাহাৰ দাখিল কৰে।
ইফালে কোনো লোকে ছাত্ৰী গৰাকীক প্রত্যক্ষ কৰিলে তেঁওৰ পিতৃ জগদীশ চাহাৰ সৈতে ৬০০০৩১০৭৬৪ মবাইল নম্বৰত যোগাযোগ কৰিবলৈ পৰিয়ালৰ লোকে আহ্বান জনাইছে। ইফালে ছাত্ৰীগৰাকীৰ মাতৃয়ে সদৰি কৰা অনুসৰি জীয়ৰী সংগীতাই লগত নিয়া ( ৭০৯৯৬৬৭৪৫৭ ) মবাইল ফোনত ফোন কৰাত জীয়ৰীৰ সলনি কোনোবা লৰাই ফোনটো ৰিচিভ কৰি অশ্লীল কথাৰে গালি পাৰি ফোনটো পাছত কাটি দিয়ে। যাৰ বাবে তেওঁলোকৰ জীয়ৰী কোনো দুষ্ট চক্ৰৰ কৱলত পৰিব পাৰে বুলি সন্দেহ প্ৰকাশ কৰি এইক্ষেত্ৰত ভৰলুমুখ আৰক্ষীক যিকোনো প্ৰকাৰে মবাইল ফোনৰ লকেচন অনুসৰি জীয়ৰীক উদ্ধাৰ কৰিবলৈ দাবী জনাইছে ।