নিউজ ডেস্কঃ বিটিআৰ-ৰ নতুন চৰকাৰৰ দায়িত্ব গ্ৰহণ কৰা ইউ পি পি এল দলৰ সভাপতি প্ৰমোদ বড়োক শুভেচ্ছা জ্ঞাপন কৰে অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে।আজি গুৱাহাটীৰ ৰাজীৱ ভৱনত আয়োজিত এখন সংবাদ মেলত দলৰ জ্যেষ্ঠ মুখপাত্ৰ দুৰ্গা দাস বড়ো কয় য়ে প্ৰমোদ বড়োৱে নিৰ্বাচনৰ পূৰ্বে বিটিআৰবাসী ৰাইজক দিয়া প্ৰতিশ্ৰুতি ৰাখিব। প্ৰমোদ বড়োক উদ্দেশ্য কৰি এই বুলিও কয় যে ৰাষ্ট্ৰীয় দল বিজেপিয়ে ডাঙৰ মাছে সৰু মাছ গিলাৰ দৰে আঞ্চলিক দলসমূহক নিঃশেষ কৰাত লাগিছে।সেই একেই ঘটনা যাতে ইউ পি পিএল দলৰ ক্ষেত্ৰত নহয় তাৰ বাবে দলটো সাৱধান হোৱা উচিত ৷ ।আনহাতে,সদ্য সমাপ্ত বিটিআৰৰ নিৰ্বাচনত কংগ্ৰেছ দলে শূন্যৰ পৰা আৰম্ভ কৰি খোপনি পুতিবলৈ সক্ষম হৈছে ৷ ইয়াৰ বাবে দুৰ্গা বড়োৱে দলীয় কর্মীসকলক বড়োয়ে ধন্যবাদ জ্ঞাপন কৰে ৷ লগতে বিটিআৰৰ নিৰ্বাচনত বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰীয়ে মিত্ৰতাৰ ধৰ্ম পালন নকৰাৰ বাবে কংগ্ৰেচৰ ভেঁটি দুৰ্বল হোৱা বুলিও তেওঁ স্বীকাৰ কৰে।অহা ২০২১ চনৰ বিধানসভা নিৰ্বাচনত বিটিআৰৰ ১২টা পদতে প্ৰাৰ্থী নিক্ষেপ কৰিব বুলিও প্ৰকাশ কৰে।