নিউজ ডেস্কঃ সমগ্ৰ দেশজুৰি ১৬ জানুৱাৰীৰ পৰা আৰম্ভ হ’ব ক’ৰোনা প্ৰতিষেধক প্ৰদানৰ অভিযান ৷
কো-উইন(ক’ভিড ভেকচিন ইণ্টেলিজেন্স নেটৱৰ্ক) পৰিচালনা ব্যৱস্থাৰে এটা এপৰ জৰিয়তে সম্পন্ন কৰা হ’ব প্ৰতিষেধক প্ৰদানৰ কাম ৷
প্ৰতিষেধক লওতাৰ আধাৰ কাৰ্ড থকাতো বাধ্যতামূলক কৰা হৈছে ৷
এই পৰিপ্ৰেক্ষিতত কেন্দ্ৰই সকলো ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চললৈ নিৰ্দেশনা প্ৰেৰণ কৰিছে ৷
এই সন্দৰ্ভত ভিডিঅ’ কনফাৰেন্স যোগে আলোচনা কৰে কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয় ৷
ভিডিঅ’ কনফাৰেন্সত অংশ লয় ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহৰ শীৰ্ষ প্ৰশাসনিক বিষয়াসকলে ৷
উল্লেখ্যযোগ্য যে ভেকচিন প্ৰদান সন্দৰ্ভত চৰকাৰে সকলো তথ্য লাভ কৰিবৰ বাবে ‘কো-উইন ছফটৱেৰ’ নামেৰে এটা এপ প্ৰস্তুত কৰা হৈছে ৷
এই ব্যৱস্থাৰ জৰিয়তে ৰাজ্য চৰকাৰসমূহে সংগ্ৰহ কৰিব পাৰিব ছিটা প্ৰদানৰ তথ্য আৰু কোন কোন লোকে প্ৰথমে এই প্ৰতিষেধক লাভ কৰিব সকলো তথ্য পোৱা যাব এই এপত ৷
ছিটা প্ৰদানৰ সকলো তথ্য আপলোড কৰা হ’ব কো-উইন এপত ৷
উল্লেখ্য, এই প্ৰতিষেধক লওতাৰ আধাৰ কাৰ্ড আৰু আধাৰৰ লগত সংযুক্ত মোবাইল নম্বৰহে ব্যৱহাৰ কৰা হ’ব ৷