নিউজ ডেস্কঃ আধাৰ কাৰ্ডক লৈ ৰাজ্যত এতিয়া অবৈধ ব্যৱসায় চলাইছে সেৱা কেন্দ্ৰসমূহে। দৰঙৰ কৌপাটীত আধাৰ কাৰ্ডৰ ৰমৰমীয়া বেহা চলিছে৷
অতি প্ৰয়োজনত এখন আধাৰ কাৰ্ডৰ বিনিময়ত সাধাৰণ ৰাইজে আদায় দিব লগীয়া হৈছে ৫০০ ৰ পৰা ১০০০ টকা।
আধাৰ কাৰ্ডৰ অপাৰেটৰে গ্ৰাহকক নিজা গৃহলৈ মাতি আনি গোপনে ধন লৈ যোগান ধৰি আছে আধাৰ কাৰ্ডৰ। আধাৰ কাৰ্ড বনাবলৈ গৈ বিপদত পৰিছে ৰাইজ। এখন আধাৰ কাৰ্ডৰ বাবে গ্ৰাহকে আদায় দিবলগীয়া হৈছে ৫০০-৬০০ আনকি ১০০০ টকা। দৰঙৰ কৌপাটী গাঁও পঞ্চায়তৰ আধাৰ কাৰ্ডৰ অপাৰেটৰ ইব্ৰাহিম আলীয়ে চলাইছে এই বেহা। ইব্ৰাহিম আলীৰ বিৰুদ্ধে ইতিমধ্যে দলগাঁও ৰাজহ চক্ৰ বিষয়াক অভিযোগ কৰা হৈছে আৰু দলগাঁও থানাত গোচৰ ৰুজু কৰিছে ভুক্তভোগী ৰাইজে।
ৰাজ্য চৰকাৰে ঘোষণা কৰা বিনামূলীয়া আধাৰ কাৰ্ড বিনামূলীয়াকৈ ৰাইজে লাভ কৰিব বুলি চৰকাৰৰ ওচৰত আশাবাদী আৰু এই ক্ষেত্ৰত আৰক্ষী বিষয়াই কি পদক্ষেপ লয় সেয়া হ’ব লক্ষণীয়।
দলগাঁৱৰ পৰা আমিনুল হকৰ প্ৰতিবেদন