প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আগমণৰ পূৰ্বে ৰাজ্যজুৰি জোঁৰ সমদল আছুৰ।
মানকাচৰৰ কালাপানীত আছুৰ ক’লা বেজ পৰিধান কৰি জোঁৰ সমদল।
আৰক্ষীয়ে ৫৫ জন আছু কৰ্মীক আৱদ্ধ কৰি ৰাখে।
সমগ্ৰ ৰাজ্যত আছুৱে আকৌ আৰম্ভ কৰিছে ‘কা’ বিৰোধী আন্দোলন আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অসম ভ্ৰমণ বিৰোধিতা কৰি জোঁৰ সমদল।
সমগ্ৰ ৰাজ্যৰ লগতে দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ কালাপানীত আছুৰ ক’লা বেজ পৰিধান কৰি ‘কা’ বিৰোধী আন্দোলন প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণ বিৰোধিতা।
জাতিধ্বংসী ‘কা’ বাতিল কৰাৰ বাবে আছুৱে অব্যাহত ৰাখিছে আন্দোলন ৷
যিকোনো কাৰণত ‘কা’ বাতিল হ’বই লাগিব বুলি আছুৰ হুংকাৰ।
পিছে চৰকাৰে কোনো কাৰণতে ‘কা’ বাতিল নকৰাৰ বদ্ধপৰিকৰ হৈ পৰিছে।
তথাপিও চৰকাৰে কেৰেপ কৰা নাই প্ৰতিবাদক।
‘কা’ আন্দোলন কৰাৰ বাবে আজিও কাৰাৰুদ্ধ হৈ আছে অখিল গগৈ।
ৰাইজৰ প্ৰতিবাদক গুৰুত্ব দিয়া নাই বিজেপি চৰকাৰে।
চৰকাৰক তীব্ৰ সমালোচনা আছু কৰ্মীৰ। আছুৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য ফিৰোজ আল ফাৰুকৰ নেতৃত্বত কালাপানীত ‘কা’ বিৰোধী আন্দোলন।
ইফালে চৰাইদেউ জিলাতো আছুৰ জোঁৰ সমদল।
Photo: Headline8