ৰাজ্যৰ চৌদিশে বিহুৰ সাংস্কৃতিক অনুষ্ঠান অব্যাহত থকাৰ মাজতে দেওবাৰে ডিব্ৰুগড়ত অনুষ্ঠিত এক বিহুৰ সাংস্কৃতিক অনুষ্ঠানৰ মঞ্চত অপমানিত হ’ল জনপ্ৰিয় সংগীত শিল্পী আচুৰ্য বৰপাত্ৰ। শিল্পীগৰাকীৰ বাদ্যযন্ত্ৰ ভাঙি পেলোৱাৰ হুমকি দিলে খোদ উদযাপন সমিতিৰ একাংশ বিষয়ববীয়াই।
দেওবাৰে ডিব্ৰুগড়ৰ হাতীমুৰাত আছিল সংগীত শিল্পী আচুৰ্য বৰপাত্ৰৰ সংগীতানুষ্ঠান। আগনিশা গুৱাহাটীত সংগীতৰ অনুষ্ঠান পৰিৱেশন কৰি ডিব্ৰুগড়ৰ হাতীমুৰাত নিৰ্ধাৰিত সময় অনুসৰিয়েই আচুৰ্য বৰপাত্ৰই অনুষ্ঠান পৰিৱেশন কৰা বুলি জানিব পৰা গৈছে। এটাৰ পাছত আন এটা জনপ্ৰিয় গীত পৰিৱেশন কৰি অনুষ্ঠান সামৰণি মৰাৰ সময়তে উদযাপন সমিতিৰ একাংশ বিষয়ববীয়াই তেওঁক পুনৰ গান গাবলৈ দাবী কৰাৰ লগতে গান নাগালে বাদ্যযন্ত্ৰ ভাঙি পেলোৱাৰো ধমক দিয়ে। অভিযোগ অনুসৰি সেই সময়ত উদযাপন সমিতিৰ কিছু বিষয়ববীয়াই সুৰা সেৱন কৰি আছিল। অৱশ্যে তাৰ মাজতে উদযাপন সমিতিৰ আন বিষয়ববীয়াৰ হস্তক্ষেপত গোটেই পৰিস্থিতিটো নিয়ন্ত্ৰিত হয়।