বৃহস্পতিবাৰে তিনিচুকীয়াস্থিত অইল ইণ্ডিয়া লিমিটেডৰ মুখ্য কাৰ্যালয়ত আদিবাসী ছাত্ৰ সন্থাই ঘেৰাও কৰি বিভিন্ন দাবী উত্থাপন কৰে ৷
বাঘজানবাসীক দ্বিতীয় পৰ্যায়ৰ ক্ষতিপুৰণ হিচাপে ৩০ হাজাৰ টকা অতি সোনকালে প্ৰদান কৰিব লাগে ৷ ইয়াৰ উপৰিও গৃহহাৰা বাঘজানবাসীৰ ক্ষতিপূৰণ বাবে ৫০ হাজাৰ টকা প্ৰদান কৰিব লাগিব বুলিও দাবী কৰে সংগঠনটোৱে ৷
বিভিন্ন শ্ল’গানেৰে অইল ইণ্ডিয়াৰ কাৰ্যালয় উত্তাল কৰি তোলে আদিবাসী ছাত্ৰ সন্থাই ৷ লগতে অইলৰ কৰ্তৃপক্ষক এখনি স্মাৰক পত্ৰ প্ৰদান কৰি ২৫ নৱেম্বৰৰ ভিতৰত উত্থাপন প্ৰদান কৰিবলৈ আহ্বান জনায় ৷
দাবীসমুহ ২৫ নৱেম্বৰৰ ভিতৰত এই ধন প্ৰদান নকৰিলে ২৬ নৱেম্বৰলৈ অইল ইণ্ডিয়া বন্ধ ৰখাৰ সকিয়নী দিছে আদিবাসী ছাত্ৰ সন্থাই ৷