অহা ২১ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ’বলগীয়া ৰাজ্য চৰকাৰৰ চতুৰ্থ বৰ্গৰ কৰ্মচাৰীৰ বাচনি পৰীক্ষাত অৱতীৰ্ণ হ’বলগীয়া বিশেষভাবে সক্ষম পৰীক্ষাৰ্থীসকলৰ বাবে কামৰূপ মহানগৰ জিলা প্ৰশাসনে কিছু বিশেষ নিৰ্দেশনা প্ৰদান কৰিছে। প্ৰশাসনে জনাইছে যে, যদিহে পৰীক্ষাত অৱৰ্তীণ হ’বৰ বাবে তেওঁলোকক SCRIBE ৰ প্ৰয়োজন আছে, তেন্তে ন’ডেল বিষয়াৰ সৈতে যোগাযোগ কৰিব পাৰি।
ইয়াৰ বাবে ২ জন বিষয়াৰ ম’বাইল নম্বৰো ৰাজহুৱা কৰিছে। পৰীক্ষাৰ্থীয়ে অতিৰিক্ত উপায়ুক্ত ড° ধ্ৰুৱজ্যোতি হাজৰিকাক ৯৪৩৫১-৯৭১৭০ আৰু সহকাৰী আয়ুক্ত হেমন্ত কুমাৰ দত্তক ৯৯৫৪১-৫৩৮৫৯ নম্বৰত যোগাযোগ কৰি SCRIBE ৰ সুবিধা লব পাৰিব।