একাংশ ব্যৱসায়িক প্ৰতিষ্ঠানৰ মইমতালি আৰু আকোৰগোজ মনোভাৱৰ বাবেই বৃহত্তৰ ধাৰাপুৰ চাৰিআলি চ’কটো সাধাৰণ এজাক বৰষুণতেই জলমগ্ন হৈ পৰাত সৰ্বসাধাৰণ নাগৰিক ভীষণ দুৰ্যোগৰ সন্মুখীন হৈ আহিছে। উল্লেখনীয় যে মহানগৰীৰ পশ্চিম প্ৰান্তৰ ধাৰাপুৰ চাৰিআলি চ’কটোৰ এক ঐতিহাসিক গুৰুত্ব আছে। পশ্চিম প্ৰান্তৰ মূল ব্যৱসায়িক কেন্দ্ৰস্থল হিচাপে পৰিগণিত ধাৰাপুৰ চাৰিআলি চ’কটোক কেন্দ্ৰ কৰি গঢ়ি উঠিছে কেবাখনো উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান, কেইবাটাও ৰাষ্ট্ৰীয়কৃত বেংক আদিকে ধৰি বিভিন্ন ধৰণৰ যথেষ্ট সংখ্যক ব্যৱসায়িক বৃহৎ উদ্যোগ-প্ৰতিষ্ঠান। কিন্তু অতি পৰিতাপৰ কথা এই যে একাংশ ব্যৱসায়িক প্ৰতিষ্ঠানৰ মইমতালিয়ে ঐতিহাসিক ধাৰাপুৰ চাৰিআলি চ’কটো জঘন্য তথা পৰিত্যক্ত কৰি পেলাইছে। কিয়নো ব্যৱসায়িক প্ৰতিষ্ঠান সমূহে ধাৰাপুৰ চাৰিআলি চ’কটোত জমা হোৱা পানী পৰিবাহী নলা-নৰ্দমা অকৰ্তৃত্বশীল ভাবে বন্ধ কৰি দিয়াৰ ফলত ধাৰাপুৰ চাৰিআলি চ’কটো সাধাৰণ এজাক বৰষুণতেই জলমগ্ন হৈ পৰে।
উল্লেখ্য যে ধাৰাপুৰ চাৰিআলি চ’কটোৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিৰে প্ৰাকৃতিক ভাবে সৃষ্ট পানী পৰিবাহী এটা নলা আছে। পানী পৰিবাহী এই নলাটোৰে চ’কটোত জমা হোৱা অতিৰিক্ত পানী ভাগ বৈ গৈ দীপৰ বিলত পৰে। কিন্তু দুৰ্ভাগ্যজনক কথা এই যে ধাৰাপুৰ চাৰিআলি চ’কটোত শেহতীয়াকৈ ব্যৱসায় আৰম্ভ কৰা ৰিলায়েন্স স্মাৰ্ট পইণ্ট নামৰ ব্যৱসায়িক প্ৰতিষ্ঠানটোৱে পানী পৰিবাহী নলাটো অকৰ্তৃত্বশীলভাবে বন্ধ কৰি দি নলাটোৰ ওপৰত এখন দলং নিৰ্মাণ কৰে। নলাটো বন্ধ কৰি দিয়াৰ ফলত পানী পৰিবহণ স্তব্ধ হৈ পৰাত বিগত কিছুদিন ধৰি আহি থকা বৰষুণৰ ফলত ধাৰাপুৰ চাৰিআলি চ’কটোৰ চৌদিশ জলমগ্ন হৈ পৰাত ছাত্ৰ-ছাত্ৰীক ধৰি সৰ্বসাধাৰণ ৰাইজৰ যাতায়ত ব্যৱস্থা বিঘ্নিত হৈ পৰিছে। তেনেস্থলত ধাৰাপুৰ ছাত্র সন্থাৰ উদ্যোগত আজাৰা ৰাজহ চক্ৰৰ ক্ষেত্ৰ বিষয়া অজয় মজুমদাৰৰ নেতৃত্বত স্থানীয় আৰক্ষী সহ প্ৰশাসনৰ এটা দল ধাৰাপুৰ চাৰিআলিত উপস্থিত হৈ এক্সকেভেটৰেৰে স্মাৰ্ট পইণ্টৰ সন্মুখৰ অহা যোৱা কৰা কাঠৰ দলংখন উঠাই দিয়াৰ লগতে পানী পৰিবাহী নলাটোৰ জাৱৰ জোঁথৰ সমূহ নিষ্কাষণ কৰি পানী পৰিবহণ ব্যৱস্থা সুচল কৰি দিয়ে । আজাৰা ৰাজহ চক্ৰৰ এনে পদক্ষেপক ধাৰাপুৰ অঞ্চলৰ নাগৰিকে শলাগ লয় ।