নিউজ ডেস্কঃ প্ৰশাসনৰ নিষেধাজ্ঞাক বৃদ্ধাংগুষ্ঠ দেখুৱাইছে এচাম পুঁজিপতিয়ে৷ ৰাতিৰ এন্ধাৰত নহয় দিনৰ পোহৰতে চলিছে অবাধ গতিত পাহাৰ খনন৷ মহানগৰীৰ চন্দ্ৰপুৰৰ ডিগাৰুমুখত চলিছে এই অবাধ পাহাৰ খনন৷ তাৎপৰ্যপূৰ্ণভাৱে মাত্ৰ ২/৩ শ মিটাৰ দূৰত্বত অৱস্থিত বনবিষয়াৰ কাৰ্য্যালয়৷ তথাপিও কিন্তু চকু মুদা কুলিৰ ভাও ধৰিছে বন বিষয়া তথা বিভাগে৷ সচেতন ৰাইজে এই সন্দৰ্ভত উদ্বেগ প্ৰকাশ কৰিছে৷