নিউজ ডেস্কঃ কামৰূপ জিলাৰ বকোত কয়লা কঢ়িওৱা ট্ৰাকৰ খুন্দাত এজন যুৱকৰ মৃত্যু হোৱাৰ পিছতে অঞ্চলটোত সৃষ্টি হয় উত্তেজনাপূৰ্ণ পৰিৱেশৰ।
জানিব পৰা মতে, বকোৰ বকো-হাহিম গড়কাপ্তানী পথৰ ১৭নং ৰাষ্ট্ৰীয় ঘাইপথ সংযোগী তিনিআলি চ’কত শুকুৰবাৰে নিশা প্ৰায় ৯ বজাত মেঘালয়ৰ পৰা কয়লা কঢ়িওৱা এখন ট্ৰাকে এজন যুৱকক মহতিয়াই নিয়ে।
এই ঘটনাত গুৰুতৰভাৱে আহত হোৱা পংকজ ৰাভা নামৰ ৩০ বৰ্ষীয় যুৱকজনক স্থানীয় ৰাইজে ততাতৈয়াকৈ স্থানীয় হাস্পতাললৈ প্ৰেৰণ কৰে যদিও চিকিৎসকে মৃত ঘোষণা কৰে।
ইফালে যুৱকজনৰ মৃত্যু ঘটাৰ পিছতে উত্তেজনাপূৰ্ণ পৰিস্থিতিৰ সৃষ্টি কৰে স্থানীয় ৰাইজে।
তিনিআলি চ’কত ৰাইজে কয়লা কঢ়িওৱা ট্ৰাক আবদ্ধ কৰাৰ লগতে কেইবাখনো ট্ৰাকৰ সন্মুখৰ আইনা পৰ্যন্ত ভাঙি পেলায়।
ৰাইজে অভিযোগ কৰা অনুসৰি, তিনিআলি চ’কত ট্ৰাকসমূহ ৰখাই ধন সংগ্ৰহ কৰি অহাৰ বাবেই এনে দুৰ্ঘটনাৰ সৃষ্টি হৈছে।