অগপ,বিজেপিৰ আসন বুজা বুজিক লৈ সোমবাৰে এক গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয় ৰঞ্জিত দাসৰ চৰকাৰী আবাস গৃহত।
বৈঠকত উপস্থিত থাকে ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাস, মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু অগপৰ সভাপতি অতুল বৰা আৰু কাৰ্যকৰী সভাপতি কেশৱ মহন্ত ।
বৈঠকক প্ৰাথমিক আখ্যা দি আধাতে বৈঠক ত্যাগ কৰিলে কেশৱ মহন্তই ।
৪ মাৰ্চতহে চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰিব দুয়োটা দলে ।
আসন সন্দৰ্ভত কেন্দ্ৰই গ্ৰহণ কৰিব সিদ্ধান্ত ।
১০০ + ৰ লক্ষ্যৰে অগপ-বিজেপিৰ মিত্ৰজোঁট অৱতীৰ্ণ হ’ব আগন্তুক নিৰ্বাচনত ৷
কিন্তু আসনৰ অংকই খেলিমেলিৰ সৃষ্টি কৰিছে মিত্ৰজোঁটৰ ভিতৰচৰাত ৷