নিউজ ডেস্কঃ কেন্দ্রীয় সাধাৰণ পৰিষদৰ অধিৱেশন অনুষ্ঠিত কৰি অগপই ২৭ আগষ্টত নতুন কেন্দ্রীয় কমিটী গঠন কৰা প্রক্রিয়াটোত কামৰূপ মহানগৰ দেৱানী আদালতে স্থগিতাদেশ জাৰি কৰিছে৷ আদালতৰ নির্দেশ অমান্য কৰি সাধাৰণ পৰিষদৰ বৈঠক অনুষ্ঠিত কৰাৰ অভিযোগত ২৭ আগষ্টৰ অধিৱেশনৰ সকলো সিদ্ধান্তত স্থগিতাদেশ জাৰি কৰাৰ লগতে আদালতৰ নির্দেশ উলংঘন কৰাৰ অভিযোগত সভাপতি অতুল বৰা, কার্যকৰী সভাপতি কেশৱ মহন্ত আৰু জ্যেষ্ঠ নেতা ফণীভূষণ চৌধুৰীলৈ চমন জাৰি কৰিছে৷
উল্লেখযোগ্য যে অগপই ২৭ আগষ্টত অনুষ্ঠিত কৰা কেন্দ্রীয় সাধাৰণ পৰিষদৰ অধিৱেশনলৈ কামৰূপ মহানগৰৰ দেৱানী আদালতে নিষেধাজ্ঞা জাৰি কৰিছিল৷ জিতেন ডেকা, গিৰীন তালুকদাৰ আৰু হেমেন লহকৰৰ আৱেদনৰ ভিত্তিত আদালতে জাৰি কৰিছিল নির্দেশনা৷ কিন্তু আদালতৰ সেই নির্দেশনা সময়ত লাভ নকৰাত অগপই নির্ধাৰিত দিনত সাধাৰণ পৰিষদৰ বৈঠক অনুষ্ঠিত কৰিছিল৷ সাধাৰণ পৰিষদত পৰৱর্তী তিনি বছৰৰ বাবে পুনৰ সভাপতি নির্বাচিত হৈছিল অতুল বৰা৷