আগন্তুক লোকসভা নিৰ্বাচনৰ প্ৰাক মুহৰ্ত্বত অসম গণ পৰিষদ দলৰ গুৱাহাটীৰ আমবাৰীস্থিত মুখ্য কাৰ্যালয়ত এক যোগদান কাৰ্যসূচী অনুষ্ঠিত হয়। অগপৰ সভাপতি অতুল বৰা, কাৰ্যকৰী সভাপতি কেশৱ মহন্ত তথা দলৰ আন শীৰ্ষ বিষয়ববীয়াসকলৰ উপস্থিতিত প্ৰাক্তন আছু নেতা তথা অসম জাতীয় পৰিষদৰ সম্পাদক প্ৰিন্স ফাইজুল হক, অসম জাতীয় পৰিষদৰ গুৱাহাটী মহানগৰৰ সাংগঠনিক সম্পাদক বিনয় শৰ্মাৰ লগতে দেৱাশিষ গোস্বামী, ছৌকত আলি, নিপন শৰ্মা, প্ৰণয় শৰ্মা, উতপল মেধিৰ লগতে শতাধিক ব্যক্তিয়ে অসম গণ পৰিষদ দলত যোগদান কৰে। দলৰ সভাপতি অতুল বৰাই নতুন সদস্যসকলক আমন্ত্ৰণ জনায় কয় যে, অসম গণ পৰিষদ এটা সাৰ্বজনীন, ধৰ্ম নিৰপক্ষ অনুষ্ঠান। অসম গণ পৰিষদত আগন্তুক লোকসভা নিৰ্বাচনৰ প্ৰাক মুহুত্বত যোগদান কৰা এই নতুন শক্তিয়ে দলটোক এক নতুন গতি দিব। অসম গণ পৰিষদ শক্তিশালী হোৱা মানে আঞ্চলিকতাবাদ শক্তিশালী হোৱা আৰু আঞ্চলিকতাবাদ শক্তিশালী হোৱা মানে অসম শক্তিশালী হোৱা। সভাপতিগৰাকীয়ে লগতে নতুনকৈ যোগদান কৰা সদস্যসকলক নিজ নিজ বুথ, ৱাৰ্ডৰ লগতে সকলো পৰ্যায়তে অগপৰ হৈ অন্তঃকৰণৰে কাম কৰি যাবলৈ আহ্বান জনায়।
নতুন সতীৰ্থসকলক আদৰণী জনাই অগপৰ কাৰ্যকৰী সভাপতি কেশৱ মহন্তই কয় যে অগপৰ প্ৰবাহমান গতিক এই সদস্যসকলে নতুন মাত্ৰা প্ৰদান কৰিব। অনাগত সময়ত এই সদস্যসকলে দলৰ হৈ সৰ্বস্ব উজাৰি দিব বুলি আশা ব্যক্ত কৰে মহন্তই। ইফালে, ৫নং গুৱাহাটী লোকসভা সমষ্টিৰ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী বিজুলী কলিতা মেধি অগপ কাৰ্যালয়ত উপস্থিত হৈ সকলোৰে সহযোগিতা কামনা কৰে। আনহাতে, অগপৰ সভাপতি অতুল বৰা, কাৰ্যকৰী সভাপতি তথা আন জেষ্ঠ্য নেতাসকলে আৰ্শীবাদ দিয়াৰ লগতে আন নেতা কৰ্মীসকলেও সকলোধৰণৰ সহযোগিতা কৰাৰ লগতে বিপূল ভোটত জয়ী কৰোৱাৰ আশ্বাস দিয়ে বিজুলি কলিতা মেধিক। আনহাতে, সোমবাৰে অনুষ্ঠিত অগপৰ বিষয়ববীয়া সভাত দলৰ উপ সভাপতি, সম্পাদকসকলৰ লগতে অগপৰ ভাতৃ আৰু ভগ্নী সংগঠনৰ সদস্যসকল উপস্থিত থাকে। এই সভাত আগন্তুক লোকসভা নিৰ্বাচনক কেন্দ্ৰ কৰি গঠন কৰা পৰ্যবেক্ষকসকলে লিখিত প্ৰতিবেদন দাখিল কৰে।