দেশৰ অগ্ৰণী অনা চৰকাৰী সংগঠন “এচোছিয়েশ্যন অফ হেলথ কেয়াৰ প্ৰভাইদাৰ” ( ইণ্ডিয়া ) চমুকৈ এ এইচ পি আইৰ এন ই চেপ্তাৰৰ উদ্যোগত গুৱাহাটীৰ জালুকবাৰীস্থিত হোটেল ৰেডিচন ব্লুত অলপতে প্ৰথম বাৰৰ বাবে স্বাস্থ্যৰ যতন ব্যৱস্থাপনা বিষয়ক এখন সন্মিলন অনুষ্ঠিত হয়। এই উপলক্ষে সন্মিলনৰ আয়োজক কমিটীৰ অধ্যক্ষ ডাঃ জে পি শৰ্মাৰ আদৰণি ভাষণৰে শুভাৰম্ভ হোৱা সন্মিলনৰ উদ্দেশ্য বাখ্যা কৰে এ এইচ পি আইৰ এন ই চেপ্তাৰৰ সভাপতি ডাঃ হৰ্ষ ভট্টাচাৰ্যই।
আনহাতে সন্মিলনত এ এইচ পি আইৰ সঞ্চালক প্ৰধান ডাঃ গিৰিধৰ জ্ঞানী, পেট্ৰন ডাঃ আলেকজেণ্ডাৰ থমাছ, পশ্চিমবংগ চেপ্তাৰৰ সচিব ডাঃ সুমিত কুমাৰ খান, মুম্বাইৰ কিৰণ হস্পিতালৰ মূখ্য কাৰ্যবাহী বিষয়া ডাঃ ৰবীন্দ্ৰ কৰঞ্জেখৰ, জি এন আৰ চি হস্পিতালৰ মূখ্য পৰিচালন সঞ্চালক ডাঃ নুমল চন্দ্ৰ বৰা, গুৱাহাটীৰ মাৰোৱাৰী হস্পতালৰ সঞ্চালক ডাঃ জে পি শৰ্মা, স্বাগত হস্পিতালৰ মুখ্য পৰিচালন সঞ্চালক ডাঃ সুভাষ খান্না, মণিপুৰৰ ইম্ফলৰ চিজা হস্পিতালৰ মূখ্য পৰিচালন সঞ্চালক ডাঃ কে এইছ পালিন, পিনাকল হেলথ কেয়াৰ কনছালটেণ্টৰ ডাঃ জিত পাটউৰী, ডাঃ পৰাগ ৰিন্দানী, এপলো গ্ৰুপৰ উপ সভাপতি ডাঃ সুজয় কৰ, ডাউন টাউন হস্পিতালৰ কাৰ্যবাহী সঞ্চালক ময়ুৰাক্ষী দত্ত, ইণ্টিগ্ৰ ভেঞ্চাৰৰ কাৰ্যবাহী ডাঃ জ্যোতি ৰামা দাস আদিয়ে ভাগ লৈ সন্মিলনৰ বিষয়বস্তু সন্দৰ্ভত নিজৰ অনুভব ব্যক্ত কৰে। ইয়াৰ উপৰিও সন্মিলনৰ লগত সংগতি ৰাখি মনোজ ডেকাৰ সম্পাদনাত প্ৰকাশ কৰা স্মৃতিগ্ৰন্থ “বহ্নিমান” উন্মোচন কৰা হয়। শেষত শলাগৰ শৰাই আগবঢ়াই আয়োজক কমিটীৰ সাধাৰণ সম্পাদক ৰোহিত উপাধায়ে।