নিউজ ডেস্কঃ ইংৰাজী নৱবৰ্ষৰ প্ৰথম দিনটোতে অসমৰ শিক্ষাৰ্থীৰ বাবে এটা ইতিবাচক খবৰ কঢ়িয়াই আনিলে অসম শিক্ষা বিভাগে ৷ অহা মাৰ্চৰ মাহৰ প্ৰথম সপ্তাহৰ পৰা অনুষ্ঠিত হ’ব ২০২১ বৰ্ষৰ উচ্চতৰ মাধ্যমিকৰ কলা,বিজ্ঞান আৰু বাণিজ্য শাখাৰ পৰীক্ষা ৷ ইতিমধ্যে পৰীক্ষা পৰিচালনা কৰিবলৈ উচ্চস্তৰীয় কমিটি গঠন কৰিছে অসম শিক্ষা সংসদে ৷ শিক্ষা সংসদৰ সচিব ডঃ ৰমেশ চন্দ্ৰ চুতীয়াৰ নেতৃত্বত গঠন কৰা হৈছে উচ্চপৰ্যায়ৰ কমিটিখন ৷ পৰীক্ষা স্বচ্ছভাৱে সম্পন্ন কৰিবলৈ কেইবাটাও বিশেষ পদক্ষেপ লৈছে শিক্ষা সংসদে ৷ উল্লেখ্য, পূৰ্বে পৰীক্ষা সুচাৰুৰূপে সম্পূৰ্ণ কৰিব নোৱাৰা বহু কেন্দ্ৰ কৰ্তন কৰিব শিক্ষা সংসদে ৷
তদুপৰি এইবাৰ প্ৰথমবাৰৰ বাবে পৰীক্ষা কেন্দ্ৰৰ দায়িত্বত থকা শিক্ষানুষ্ঠানৰ মূৰব্বীয়ে নিজৰ দক্ষতাৰ ওপৰত নিশ্ৰীত পত্ৰত স্বাক্ষৰ কৰি দিব লাগিব শিক্ষা সংসদৰ সচিবক।সমান্তৰাল ভাৱে প্ৰতিটো কেন্দ্ৰত সুউচ্চ দেৱাল,চিচিটিভি,নিকটৱৰ্তী ডাকঘৰ,চিকিৎসালয় থকাটো বাধ্যতামূলক। উল্লেখিত এই নীতি নিয়ম নথকা এনে বহু পৰীক্ষা কেন্দ্ৰই এইবাৰ পৰীক্ষা পৰিচালনা কৰাৰ সুযোগ নাপাব বুলি স্পষ্ট কৰিছে শিক্ষা সংসদৰ সচিব ডঃ ৰমেশ চন্দ্ৰ চুতীয়াই। অন্যহাতে শৈক্ষিক অনুমতি আৰু স্বীকৃতিৰ ক্ষেত্ৰতো আগন্তুক দিনবোৰত আনিব সংস্কাৰ।বিষয়া কৰ্মচাৰীৰ পদোন্নতিৰ পৰা নিযুক্তিলৈ এক আশাৰ সঞ্চাৰ সৃষ্টি হ’ব বুলি অৱগত কৰিছে সচিব গৰাকীয়ে।ইফালে পূৰ্বৰ লেখিয়াকৈ এইবাৰো শীৰ্ষ ১০ টাকৈ স্থান অক্ষুণ্ণ থাকিব বুলি মন্তব্য কৰিছে শিক্ষা সংসদৰ অধ্যক্ষ ডঃ দয়ানন্দ বৰগোহাঁইয়ে ৷
উল্লেখযোগ্য যে ক’ৰোনাৰ মহামাৰীৰ বাবে হ্ৰাস কৰা হ’ল উচ্চতৰ মাধ্যমিকৰ ৩০ শতাংশ পাঠ্যক্ৰম ৷